বিধানসভাৰ প্ৰথম অধিৱেশনত উপস্থিত নাথাকে আজমল, নকৰে শপতগ্ৰহণ

ডিজিটেল ডেস্কঃ হজলৈ যাব বিধায়ক বদৰুদ্দিন আজমল। বিধানসভাৰ প্ৰথম অধিৱেশনত উপস্থিত নাথাকে বিধায়কগৰাকী। প্ৰথম অধিৱেশনত উপস্থিত থাকি শপতগ্ৰহণ নকৰে বিধায়কগৰাকীয়ে।
১৮ মে’ৰ পৰা বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ কথা আছিল। সেয়েহে এই অধিৱেশনতে শপত লৈ আজমলে হজ যাত্ৰা কৰাৰ বাবে সাজু হৈছিল। বিধায়কৰ শপত লৈ ২১ মে’ত হজ যাত্ৰা কৰাৰ পৰিকল্পনা কৰা আজমলৰ চিন্তাত চেঁচাপানী ঢালিলে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে ২১ মে’ৰ পৰাহে বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ কথা ঘোষণা কৰাৰ পিছতে অধিৱেশনত থকাৰ পৰিৱৰ্তে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি হজ যাত্ৰা  কৰিব বিন্নাকান্দিৰ বিধায়কগৰাকীয়ে।
ইতিমধ্যে এই সন্দৰ্ভত বিধানসভাৰ প্ৰধান সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে আজমলে। অৱশ্যে হজ যাত্ৰা সামৰি ঘূৰি আহিয়েই আজমলে শপতগ্ৰহণ কৰিব। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *