ডিজিটেল ডেস্কঃ আজি গুৱাহাটীৰ ক্ৰাইম ব্ৰান্সত হাজিৰ নহয় জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰণদ্বীপ সিং সূৰ্যেৱালা। নেতাগৰাকী আজি হাজিৰ হোৱাৰ কথা আছিল যদিও আজিৰ পৰিৱৰ্তে ৫ জুনতহে অসম আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব কংগ্ৰেছ নেতাগৰাকী। মুখ্যমন্ত্ৰীৰ পত্নীৰ ভুৱা পাছপ’ৰ্টৰ গোচৰত জেৰাৰ সন্মুখীন হ’ব সূৰ্যেৱালা।
বিশেষ অসুবিধাৰ দোহাই দি আজি গুৱাহাটীলৈ নাহিল সূৰ্যেৱালা। উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ পত্নীৰ ভুৱা পাছপ’ৰ্টৰ গোচৰত জেৰাৰ সময়ত পৱন খেড়াই AICCৰ সাধাৰণ সম্পাদকজনৰ নাম লৈছিল।
আজি পুৱা ১০ বজাৰ পৰা ১১ বজাৰ ভিতৰত আৰক্ষীৰ সন্মুখত হাজিৰ হ’বলৈ কোৱা হৈছিল যদিও নেতাগৰাকী ৫ জুনতহে হাজিৰ হ’ব বুলি গম পোৱা গৈছে। উল্লেখ্য যে, ২৩ মে’ত হাজিৰৰ নিৰ্দেশ দি নেতাগৰাকীৰ ঘৰৰ দেৱালত অসম আৰক্ষীয়ে জাননী লগাই আহিছিল।
ৰাহুল গান্ধীৰ অতিকৈ ঘনিষ্ঠ ব্যক্তি হিচাপে পৰিচিত ৰণদ্বীপ সিং সূৰ্যেৱালা। পৱন খেড়াই নাম লোৱাৰ পিছৰে পৰা চিন্তাত পৰিছে ৰাজ্যসভাৰ সাংসদগৰাকী। ৫ জুনত হাজিৰ হোৱাৰ পিছত তেওঁ কি মন্তব্য কৰে সেয়াহে লক্ষণীয় হ’ব।
