এম্বুলেঞ্চত নুঠালে ৰোজ আলীৰ মৃতদেহ, জানাজা নকৰে গাঁওবাসীয়ে

ডিজিটেল ডেস্কঃ ঘৃণনীয় অপৰাধত মৃত্যুবৰণ কৰা ৰোজ আলীৰ মৃতদেহটো এম্বুলেঞ্চত অনাৰ পৰা বিৰত থাকিল নলবাৰী আৰক্ষী। এম্বুলেঞ্চৰ সলনি আৰক্ষীৰ বাহনৰ পিছফালেহে লৈ অহা হয় ৰোজৰ মৃতদেহ। নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ আৰক্ষীৰ বাহনত মৃতদেহ উঠাই লৈ যোৱা হয়।
উল্লেখ্য যে, নলবাৰীৰ ঘটনাৰ মূল অভিযুক্ত ৰোজ আলীৰ আৰক্ষীৰ গুলীত মৃত্যু হয়। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে ৰোজ আলীৰ গাত গুলী লাগে। নলবাৰীৰ গংগাপুৰত ছাত্ৰ নেতা হত্যাত জড়িত আছিল ৰ’জ খান। 
মুকালমুৱাৰ নিছলামাৰী চৰত আত্মগোপন কৰি থকা ৰোজ আলীৰ মৃত্যু হয়। লাভ জেহাদৰ বাবেই ৰোজ আলীয়ে মাধুৰ্য বৰ্মন নামৰ এজন যুৱকক নিৰ্মমভাৱে আক্ৰমণ কৰিছিল। উল্লেখ্য যে, আছু কৰ্মীজনক ৰাজপথত আক্ৰমণ কৰিছিল ৰোজ আলীৰ লগতে আন এজন যুৱকে।
প্ৰেম প্ৰত্যাখ্যানৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছিল। দেওবাৰে নলবাৰীৰ ৰাজপথত সংঘটিত হৈছিল এই শিহৰণকাৰী ঘটনা। দুৰ্বৃত্তৰ আক্ৰমণত ঘটনাস্থলীতে মৃত্যু হৈছিল আছু কৰ্মী মাধুৰ্য বৰ্মনৰ। চামতা বালিপথাৰৰ বাসিন্দা মৃত মাধুৰ্য বৰ্মন।
ইফালে এই ঘটনাত আহত হোৱা কিশোৰীগৰাকী সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰা হয়। মৃত যুৱকজন আৰু আহত কিশোৰীগৰাকী সম্পৰ্কত ভাতৃ-ভগ্নী। যুৱকজনৰ মৃত্যু হোৱাৰ লগতে আহত কিশোৰীগৰাকীৰ দেহত কেইবাস্থানতো ঘা পোহৰলৈ আহিছে। মূৰ আৰু ৰাজহাড়ত গভীৰ আঘাত পাইছে কিশোৰীগৰাকীয়ে।
একেদৰে কিশোৰীগৰাকীৰ গাল আৰু সোঁহাততো আঘাত কৰিছিল আক্ৰমণকাৰীয়ে। প্ৰাপ্ত তথ্য অনুসৰি ছুৰিকাঘাতত হাঁওফাঁও পৰ্যন্ত আঘাতপ্ৰাপ্ত হৈছে কিশোৰীগৰাকীৰ। 
ৰোজ আলীৰ জানাজা সম্পন্ন নকৰাৰ বাবে ৰাইজে সিদ্ধান্ত লৈছে। একেদৰে কবৰস্থানতো ৰোজ আলীক কবৰ দিয়াৰ ক্ষেত্ৰত ৰাইজে নিষেধাজ্ঞা আৰোপ কৰিছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *