ডিজিটেল ডেস্কঃ মৃত্যু কেনেকৈ আহে কোনে জানে? মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। যোৱা নিশা জালুকবাৰীত বিধ্বংসী অগ্নিকাণ্ডত একেটা পৰিয়ালৰ ৪ গৰাকীকৈ লোকৰ মৃত্যু হয়।
প্ৰাপ্ত তথ্য মতে, জালুকবাৰীৰ জয়মতী পথৰ ২২ নং উপপথত সংঘটিত সৈতে এই শোকাৱহ ঘটনা। মাজনিশা ২ৰ পৰা ৩বজাৰ ভিতৰত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।
ঘটনাত নিহত ৪ জন সম্পৰ্কত পিতৃ-মাতৃ আৰু দুই সন্তান। নিহত ৪ জন গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ বুলি জানিব পৰা গৈছে। মৃত্যু হৈছে স্বামী - স্ত্ৰী কুদ্দুছ আলী আৰু কাজলি বেগম আৰু তেওঁলোকৰ দুই সন্তানৰ। জানিবলৈ পোৱা অনুসৰি প্ৰায় ১০ টা ভাৰাঘৰ থকা দুটা বাসগৃহ জুইত জাহ যায়।
পলাবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোক বাচিবলৈ সক্ষম নহয়। দুৰ্ভগীয়া পৰিয়ালটোৱে চলোৱা এখন চাহৰ দোকানৰ পৰাই জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। চাৰিওগৰাকীৰে মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
