আজি দুপৰীয়াৰে পৰা ক্ষমতা বাঢ়িব অসমৰ ১২ ৰাজনৈতিক নেতাৰ

ডিজিটেল ডেস্কঃ সকলো আশা আৰু অপেক্ষাৰ অন্ত পেলাই আজি শপতগ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ ১২ নৱ নিযুক্ত মন্ত্ৰীয়ে।  শপতগ্ৰহণ অনুষ্ঠানৰ বাবে সকলোপ্ৰকাৰে সাজু হৈছে খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ।
এই কলা মন্দিৰতে আয়োজন কৰা হৈছে শপতগ্ৰহণ অনুষ্ঠানৰ। এই অনুষ্ঠানতে গোপনীয়তাৰ শপত বাক্য পাঠ কৰিব নৱ নিযুক্ত মন্ত্ৰী ১২ গৰাকীয়ে। অসম মন্ত্ৰীসভাৰ সদস্যসকলক গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব ৰাজ্যপাল লক্ষ্ণণ প্ৰসাদ আচাৰ্যই। 
কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত দুপৰীয়া ১২:৪০ বজাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত হ’ব। পৰিয়াল তথা আত্মীয়সকলৰ লগতে সমষ্টিবাসীৰ উপস্থিতিত মন্ত্ৰীসকলে শপত বাক্য পাঠ কৰিব। 
এই অনুষ্ঠানত ৫ হাজাৰৰো অধিক লোক উপস্থিত থাকিব বুলি ধাৰণা কৰা হৈছে। ইফালে উপস্থিত থাকিবলগীয়া লোকসকলৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা বিশেষ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰিছে। 
আজি শপতগ্ৰহণ কৰিব অশ্বিনী ৰয় সৰকাৰ, অশোক সিংহল, বিমল বড়া, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰীকা, ডা: ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে। 
আজি জীৱনত প্ৰথমবাৰৰ বাবে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব অশ্বিনী ৰায় সৰকাৰ, বিশ্বজিৎ দৈমাৰী, নীলিমা দেৱী, সুশান্ত বৰগোহাঁয়ে। এইবাৰৰ মন্ত্ৰীসভাত পূৰ্বৰ কেইবাজনো মন্ত্ৰী বাদ পৰিল। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *