কলকাতাত উন্মোচন ‘মুক্তি এণ্ড আদাৰ ষ্ট’ৰিজ’

ডিজিটেল ডেস্কঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নিৰ্বাচিত কুৰিটা চুটি গল্পৰ ইংৰাজী অনুবাদ ‘মুক্তি এণ্ড আদাৰ ষ্ট’ৰিজ’ বৃহস্পতিবাৰে কলকাতাৰ অসম ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নাতিনী ইৰা ঘোষে গ্ৰন্থখন উন্মোচন কৰে। অনুষ্ঠানত অসম আৰু পশ্চিমবংগৰ বিশিষ্ট গৱেষক, সাহিত্যিক আৰু বৌদ্ধিক ক্ষেত্ৰৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণি হয় এক মংগলাচৰণৰ জৰিয়তে, যিয়ে অনুষ্ঠানটোক এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ সূচনা কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে ভাষণ প্ৰদান কৰি ত্ৰিদিৱ ভাগৱতীয়ে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰ চিৰন্তন প্ৰাসংগিকতাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে, লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যই আজিও অসমীয়া সমাজক গভীৰভাৱে প্ৰভাৱিত কৰি আহিছে আৰু সমসাময়িক ভাৰততো সমানে প্ৰাসংগিক হৈ আছে। লগতে তেওঁ বেজবৰুৱাৰ সাহিত্যৰ অনুবাদৰ জৰিয়তে বহল পাঠক সমাজৰ মাজলৈ লৈ যোৱাৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে।

ইয়াৰ পিছত গ্ৰন্থখনৰ অনুবাদক ৰিতুল ভাগ‍ৱতীয়ে সাহিত‍্যৰথীৰ এই কুৰিটা গল্পৰ ইংৰাজী অনুবাদৰ যাত্ৰা আৰু অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। মূল ৰচনাৰ সাহিত্যিক সত্বা আৰু মাধুৰ্যতা অক্ষুণ্ণ ৰাখি নতুন পাঠকৰ মাজলৈ এই গল্পসমূহ আগবঢ়োৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰে নেটৱৰ্ক১৮-ৰ মেনেজিং এডিটৰ ধ্ৰুৱজ্যোতি পাৰমাণিক, সম্বলপুৰস্থিত বেজবৰুৱাৰ পৈতৃক বাসগৃহ সংৰক্ষণত উল্লেখযোগ্য ভূমিকা পালন কৰা বিশিষ্ট ইতিহাসবিদ তথা লেখক দীপক পাণ্ডা, বিশিষ্ট সাহিত্যিক পণ্ডিত দক্ষিণাৰঞ্জন ভট্টাচাৰ্য, আৰু কিংবদন্তী অসমীয়া পণ্ডিত-সাহিত্যিক মহেশ্বৰ নেওগৰ কন্যা নৱমল্লিকা নেওগে। বক্তাসকলে বেজবৰুৱাৰ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অসামান্য অৱদানৰ ওপৰত আলোকপাত কৰাৰ লগতে তেওঁৰ সাহিত্যিক ঐতিহ্য ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ আৰু অধিক প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানটি সঞ্চালনা কৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা মেম’ৰিয়েল ট্ৰাষ্টৰ সম্পাদক ৰন্টু কুমাৰ ডেকাই। সভাত সভাপতিত্ব কৰে ট্ৰাষ্টৰ সভাপতি প্ৰদ্যুৎ কুমাৰ চৌধুৰীয়ে আৰু অনুষ্ঠানৰ সামগ্ৰিক সমন্বয়ৰ দায়িত্ব পালন কৰে আয়োজক সম্পাদক দীপক কুমাৰ তালুকদাৰে।

'মুক্তি এণ্ড আদাৰ ষ্ট’ৰিজ'ৰ প্ৰকাশে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কালজয়ী সাহিত্যক ইংৰাজী অনুবাদৰ জৰিয়তে দেশ-বিদেশৰ বিস্তৃত পাঠকসমাজৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *