উৎকোচ লৈ আটক হ’ল এগৰাকী জ্যেষ্ঠ চিকিত্সক

ডিজিটেল ডেস্কঃ এইবাৰ উৎকোচ লৈ আটক হ’ল এগৰাকী জ্যেষ্ঠ চিকিত্সক। ধন সংগ্ৰহৰ অভিযোগত নগাঁও চিকিত্সা মহাবিদ্যালয় হাস্পতালৰ জ্যেষ্ঠ অধ্যাপক ডাঃ মনোজ কুমাৰ সিনহাক আটক।

জাগীৰোডৰ পৰা ডাঃ মনোজ সিনহাক আটক কৰিলে নগাঁও আৰক্ষীয়ে। ফৰেনছিক বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ মনোজ কুমাৰ সিনহা।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সালসলনিৰ নামত লৈছিল উৎকোচ। দুৰ্ঘটনাত একমাত্ৰ পুত্ৰক হেৰুওৱা দম্পতীৰ পৰা লৈছিল উপঢৌকন।

ঘটনা সন্দৰ্ভত নগাঁও জিলা আয়ুক্তক অভিযোগ দিছিল ভুক্তভোগীয়ে। উৎকোচ লোৱাৰ ভিডিঅ’ প্ৰশাসনে আবদ্ধ কৰিছিল গোপন কেমেৰাত।

নতুন অধ্যক্ষ নিযুক্তিৰ পাছতে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। NMCHৰ অধ্যক্ষৰূপে নতুনকৈ দায়িত্ব লৈছিল ডাঃ বিষ্ণুৰাম দাসে। বিগত ৬ মাহত NMCHৰ পৰা চুৰি হৈছিল ৪৮ লক্ষাধিক টকাৰ সামগ্ৰী। শীঘ্ৰে NMCHৰ কেইবাগৰাকীও বিষয়াক আৰক্ষীয়ে জেৰা কৰাৰ সম্ভাৱনা।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *