নাজিৰাত ONGCৰ বিষয়াৰ সৈতে আলোচনাৰ পিছত তাই আহোম ছাত্ৰ সন্থাই ২৫ তাৰিখৰ পুৱা ৫ বজাৰ পৰা ঘোষণা কৰা ৭২ ঘণ্টীয়া ONGC বন্ধৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে স্থগিত ৰাখিছে। সংগঠনটোৱে জনোৱা মতে, ONGCই তেওঁলোকৰ কেইবাটাও দাবীৰ বিষয়ে আশ্বাস দিয়াৰ পিছতে এই সিদ্ধান্ত লোৱা হয়।
সংগঠনটোৰ প্ৰতিনিধিয়ে কয়, নাজিৰাৰ Assam Assetৰ মুখ্য কাৰ্যালয়ত দুপৰীয়া ১.৩০ বজাত EDৰ সৈতে বৈঠক অনুষ্ঠিত হয়। আলোচনাখন সৌহাৰ্দ্যপূৰ্ণ আছিল বুলি তেওঁ দাবী কৰে।
তাই আহোম ছাত্ৰ সন্থাৰ মূল দাবী আছিল নিয়োগ সৃষ্টি কৰা আৰু ১০০% থলুৱা লোকক নিযুক্তি দিয়া। সংগঠনটোৰ মতে, ONGCৰ EDই নিয়োগ সৃষ্টিৰ বিষয়টো হাতত লোৱাৰ আশ্বাস দিছে। বিজ্ঞাপন আৰু নিযুক্তিৰ চূড়ান্ত প্ৰক্ৰিয়াক লৈ দিল্লীত CMD পৰ্যায়ত পুনৰ আলোচনা হ’ব বুলিও তেওঁলোকে জানিবলৈ পোৱা বুলি কয়।
শিৱসাগৰৰ পৰা ONGCৰ কোনো কাৰ্যালয় স্থানান্তৰ কৰিব নোৱাৰিব বুলিও সংগঠনটোৱে দাবী উত্থাপন কৰিছিল। এই সন্দৰ্ভত শিৱসাগৰৰ পৰা কোনো কাৰ্যালয় স্থানান্তৰ নহয় আৰু কাম-কাজ ইয়াৰ পৰাই চলি থাকিব বুলি ONGCই আশ্বাস দিয়া বুলি তাই আহোম ছাত্ৰ সন্থাই জনায়। ফাইনেন্স বিভাগটো কেন্দ্ৰীয় প্ৰক্ৰিয়াকৰণৰ বাবে দিল্লীৰ পৰা নিয়ন্ত্ৰণ কৰা হৈছে যদিও কাৰ্যালয় স্থানান্তৰ কৰা নহয় বুলিও ONGCই স্পষ্ট কৰিছে বুলি সংগঠনটোৰ বক্তব্য।
টেণ্ডাৰ প্ৰক্ৰিয়া শিৱসাগৰতে অনুষ্ঠিত কৰাৰ দাবীও সংগঠনটোৱে উত্থাপন কৰে। ONGCৰ ফালৰ পৰা শিৱসাগৰত চিভিল কনট্ৰাক্টৰক কেন্দ্ৰ কৰি চিণ্ডিকেট আৰু দাদাগিৰিৰ অভিযোগ উঠাৰ পিছত, সকলো পক্ষক সমান সুযোগ দিয়াৰ বাবে অসম চৰকাৰৰ সৈতে আলোচনা কৰি বৰ্তমানৰ ব্যৱস্থা কৰা হৈছে বুলি জনোৱা হয়, সংগঠনটোৱে কয়।
ইয়াৰ উপৰি অসমৰ সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া UPSC কোচিঙৰ ব্যৱস্থা কৰাৰ আশ্বাস ONGCই দিছে বুলি তাই আহোম ছাত্ৰ সন্থাই জানায়। ঐতিহাসিক পশুঘৰটো সংৰক্ষণ কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবেও ONGCই দায়িত্ব ল’ব বুলি সংগঠনটোৰ দাবী।
এই আশ্বাসসমূহৰ ভিত্তিতে বন্ধ কাৰ্যসূচী স্থগিত ৰখা হৈছে বুলি সংগঠনটোৱে জানায়। দিল্লীত CMD পৰ্যায়ৰ পৰৱৰ্তী আলোচনাত নিয়োগ আৰু অন্যান্য দাবীৰ চূড়ান্ত সিদ্ধান্ত স্পষ্ট হ’ব বুলি সংগঠনটোৱে আশা প্ৰকাশ কৰে।
