গুৱাহাটী: অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ পুনৰ সামাজিক মাধ্যমযোগে মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, নগাঁৱৰ জুৰীয়াৰ মোবাৰক আলী নামৰ এজন ব্যক্তিৰ সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা এই ভাবুকি দিয়া হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, সামাজিক মাধ্যমত কৰা এটা পোষ্টত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ সময়ত তেওঁক হত্যা কৰাৰ ভাবুকি দিয়া বুলি অভিযোগ উঠিছে।
ঘটনাটোক লৈ ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা বক্তব্যটো প্ৰকৃততে সংশ্লিষ্ট ব্যক্তিজনৰ একাউণ্টৰ পৰাই কৰা হৈছিল নে নাই আৰু ইয়াৰ আঁৰত আন কোনো লোক বা সংগঠনৰ ভূমিকা আছে নেকি, সেই বিষয়ে তদন্তৰ পিছতহে স্পষ্ট হ’ব।
উল্লেখ্য, মুখ্যমন্ত্ৰীগৰাকীক লক্ষ্য কৰি শেহতীয়াকৈ সামাজিক মাধ্যমযোগে মৃত্যুৰ ভাবুকি দিয়াৰ কেইবাটাও অভিযোগ পোহৰলৈ আহিছে। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাক লৈও স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে।
ইফালে, সামাজিক মাধ্যমত কোনো বিশেষ ‘মৌলবাদী গোটে’ এনে একাউণ্ট সক্ৰিয় কৰাৰ অভিযোগো উত্থাপন হৈছে।
আৰক্ষীৰ তদন্তত সামাজিক মাধ্যমৰ পোষ্টটোৰ উৎস, ইয়াৰ আঁৰৰ উদ্দেশ্য আৰু ভাবুকিৰ প্ৰকৃত স্বৰূপ স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।
