দৰিকা নদীত সলিল সমাধি দশম শ্ৰেণীৰ ছাত্ৰৰ, ঘটনাক লৈ পৰিয়ালৰ ৰহস্যৰ সন্দেহ

শিৱসাগৰ: শিৱসাগৰ চহৰৰ সমীপৱৰ্তী দৰিকা নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এগৰাকী ১৬ বছৰীয়া কিশোৰ ছাত্ৰৰ।

মৃত ছাত্ৰজনক স্থানীয় সুন্দৰমল স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ হাছান ভূঞা (১৬) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, দৰিকা নদীত গা ধুবলৈ নামি দুই কিশোৰ ছাত্ৰ হঠাৎ সন্ধানহীন হৈ পৰিছিল।

এজনক জীৱন্তে উদ্ধাৰ

ঘটনাৰ সময়ত স্থানীয় দুজন যুৱকে তৎপৰতা প্ৰদৰ্শন কৰি এজন ছাত্ৰক উদ্ধাৰ কৰে।

চাহিদুল ইছলাম (১৬) নামৰ ছাত্ৰজনক সংকটজনক অৱস্থাত পানীৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হয়।

কিন্তু হাছান ভূঞাৰ কোনো সন্ধান পোৱা নগ’ল আৰু উদ্ধাৰ অভিযান অব্যাহত থাকে।

SDRFৰ অভিযান

পাছত SDRF বাহিনীয়ে দৰিকা নদীত উদ্ধাৰ অভিযান চলায়।

অভিযানৰ সময়ত নদীৰ বুকুৰ পৰা হাছান ভূঞাৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় SDRFৰ দলে।

ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

পৰিয়ালৰ ৰহস্যৰ অভিযোগ

ইফালে, হাছান ভূঞাৰ মৃত্যুক লৈ পৰিয়ালৰ লোকে গভীৰ সন্দেহ প্ৰকাশ কৰিছে।

পৰিয়ালৰ অভিযোগ অনুসৰি, হাছানক ঘৰৰ পৰা কোনোবাই মাতি লৈ গৈছিল।

ঘটনাটোৰ আঁৰত কোনো ৰহস্যজনক কাৰণ জড়িত থাকিব পাৰে বুলিও পৰিয়ালটোৱে সন্দেহ প্ৰকাশ কৰিছে।

অৱশ্যে ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

ঘটনাটোক লৈ আৰক্ষীৰ তদন্তত পৰৱৰ্তী সময়ত কি তথ্য পোহৰলৈ আহে, সেয়া এতিয়া লক্ষণীয়।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *