চাংলাং-তিনিচুকীয়া নতুন ড্ৰাগছ কৰিডৰৰ আশংকা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী ম্যানমাৰৰ পৰা অৰুণাচল সীমান্ত হৈ চাংলাং আৰু তাৰ পিছত তিনিচুকীয়ালৈ ড্ৰাগছ সৰবৰাহৰ নতুন পথ গঢ় লৈ উঠিছে। এই পথটো উজনি অসমৰ বাবে অমংগলৰ সংকেত বুলি ধৰা হৈছে।

যোৱা কিছুদিনত তিনিচুকীয়াত ড্ৰাগছ জব্দ কৰা হৈছে। পেডলাৰসকলৰ তথ্য অনুসৰি, ম্যানমাৰৰ চাংলাং অঞ্চল হৈ অৰুণাচলৰ পথে ড্ৰাগছ তিনিচুকীয়ালৈ অনা হৈছে।

ইমান দিনে মূলতঃ ম্যানমাৰ-মিজোৰাম আৰু ম্যানমাৰ-মণিপুৰ সীমান্তৰ পথ ব্যৱহাৰ কৰি ড্ৰাগছ সৰবৰাহ হোৱাৰ তথ্য পোৱা গৈছিল। অৰুণাচল-ম্যানমাৰ সীমান্তৰ পথটো আগতে ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত তেনেদৰে পোহৰলৈ অহা নাছিল।

যোৱা ১ মাহত ৰাজ্যত যথেষ্ট পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। বিশেষকৈ গুৱাহাটীত শেহতীয়াকৈ প্ৰায় ৮০ কোটি টকাৰ এটা ড্ৰাগছ কনচাইনমেণ্ট জব্দ কৰা হয়। কনচাইনমেণ্টটো পাঞ্জাবলৈ পঠোৱাৰ প্ৰস্তুতি চলি আছিল বুলি জানিব পৰা গৈছে।

ড্ৰাগছ সৰবৰাহৰ পথ বন্ধ কৰিবলৈ অভিযান অব্যাহত আছে। কিন্তু চাংলাং-তিনিচুকীয়া পথৰ তথ্যই উজনি অসমত ড্ৰাগছৰ বিস্তাৰক লৈ নতুন উদ্বেগ সৃষ্টি কৰিছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *