মূল্যবৃদ্ধি ৰোধৰ দাবীত শিৱসাগৰত ছাত্ৰ সন্থাৰ বিক্ষোভ সমদল

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আজি শিৱসাগৰ চহৰত বিক্ষোভ সমদল উলিয়ায়। বৰ্ডিং খেলপথাৰৰ পৰা বাহিৰ কৰা সমদলটোৰ জৰিয়তে সংগঠনটোৱে চৰকাৰক তাৎক্ষণিক ব্যৱস্থা লোৱাৰ দাবী জনায়।

ছাত্ৰ সন্থাৰ মুখ্য সম্পাদক সমিৰণ ফুকনে কয় যে, উজনি অসমৰ বিভিন্ন প্ৰান্তত বানপানীৰ সৈতে জনসাধাৰণে যুঁজি থকাৰ সময়তে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। এই পৰিস্থিতিত যোগান বিভাগ আৰু চৰকাৰে ল’বলগীয়া নিয়ন্ত্ৰণমূলক পদক্ষেপ দেখা যোৱা নাই বুলি অভিযোগ কৰে।

 খাদ্যসামগ্ৰীৰ লগতে জীৱনদায়ী ঔষধ, পেট্ৰল, ডিজেল আৰু অন্যান্য ইন্ধনজাত সামগ্ৰীৰ মূল্যও আকাশলংঘীভাৱে বৃদ্ধি পাইছে। এই দামবৃদ্ধি ৰোধৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগসমূহ নিৰ্লিপ্ত হৈ থকা বুলি সংগঠনটোৱে অভিযোগ তোলে।

কলাবজাৰ সৃষ্টি কৰাৰ চেষ্টা কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈও চৰকাৰক দাবী জনোৱা হয়। মূল্যবৃদ্ধি হ্ৰাসৰ বাবে তাৎক্ষণিক পদক্ষেপ লোৱা নহ’লে জনসাধাৰণক সংগঠিত কৰি প্ৰবল গণপ্ৰতিবাদ গঢ়ি তোলা হ’ব বুলি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই সকীয়নি দিয়ে।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি আছুৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ষোভ কাৰ্যসূচী উলিয়াই।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *