কৰ্ণাটকৰ ধাৰৱাডত ‘সমুদায়’ নাট্যগোষ্ঠীৰ ৫০ বছৰীয়া উদযাপনৰ অনুষ্ঠানত বাধা দিয়াৰ চেষ্টা চলোৱা হৈছিল বুলি অভিনেতা প্ৰকাশ ৰাজে অভিযোগ কৰিছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা ভিডিঅ’ত তেওঁ দাবী কৰে যে, তেওঁ অনুষ্ঠানত উপস্থিত নথকাকৈ বা মঞ্চত কথা নকওঁক বুলি বিজেপিয়ে গুণ্ডা পঠাইছিল।
প্ৰকাশ ৰাজৰ মতে, ‘সমুদায়’ কৰ্ণাটক তথা দেশৰ এক গুৰুত্বপূৰ্ণ নাট্যগোষ্ঠী। গোষ্ঠীটোৰ তিনিদিনীয়া কৰ্মশালা আৰু আলোচনাচক্ৰত দেশৰ বৰ্তমান পৰিস্থিতি, যুৱসমাজৰ সমস্যা আৰু সমাজত শিল্পৰ ভূমিকা আদি বিষয়ত আলোচনা হৈছিল।
তেওঁ অভিযোগ কৰে যে, দেশৰ সাম্প্ৰতিক অৱস্থাক লৈ আলোচনা হোৱাটো বাধা দিয়াৰ উদ্দেশ্যেই এই পদক্ষেপ লোৱা হৈছিল। তেওঁৰ প’ষ্টাৰত চিয়াঁহী নিক্ষেপ কৰা আৰু ভয় দেখুওৱাৰ ঘটনাক তেওঁ ‘শিশুসুলভ’ কাম বুলি অভিহিত কৰে।
অভিনেতাজনে কয়, কাৰোবাৰ মুখ বন্ধ কৰিবলৈ বা সত্য কোৱাত বাধা দিবলৈ গুণ্ডা, লাঠীচাৰ্জ বা পেলেটগান ব্যৱহাৰ কৰাটো চলচ্চিত্ৰত দেখুওৱা হ’ব পাৰে, কিন্তু বাস্তৱ জীৱনত সেয়া অবৈধ। তেওঁৰ মতে, এনে কামে প্ৰশ্নৰ সন্মুখীন হ’ব নোখোজা এজন ভয়াতুৰ ব্যক্তিৰ মানসিকতা প্ৰকাশ কৰে।
ভিডিঅ’ৰ শেষত প্ৰকাশ ৰাজে নিজকে ‘প্ৰাউড দিমাগী নক্সল’ বুলি উল্লেখ কৰি এই মন্তব্যক ‘জাষ্ট আস্কিং’ বুলি কয়।
