Anna Hazare Health:গুৰুতৰভাৱে অসুস্থ আন্না হাজাৰে! কিডনিত সংক্ৰমণ ৰোগত ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি

মুম্বাই: প্ৰবীণ সমাজকৰ্মী আন্না হাজাৰে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। ৮৯ বছৰীয়া সমাজকৰ্মীগৰাকীক সোমবাৰে মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, আন্না হাজাৰেৰ কিডনিত সংক্ৰমণ আৰু জলশূন্যতা দেখা দিছে। বৰ্তমান চিকিৎসালয়ত চিকিৎসকৰ নিৰীক্ষণত আছে তেওঁ।

ৰালেগাঁও সিদ্ধিৰ চিকিৎসালয়ত আছিল

সূত্ৰৰ খবৰ অনুসৰি, আন্না হাজাৰে মহাৰাষ্ট্ৰৰ ৰালেগাঁও সিদ্ধিৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

তাতেই তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে। ইয়াৰ পাছতে সোমবাৰে ততাতৈয়াকৈ তেওঁক মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

চিকিৎসকৰ কঠোৰ নিৰীক্ষণত

আন্না হাজাৰেৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই এতিয়ালৈকে কোনো বিস্তৃত তথ্য প্ৰকাশ কৰা নাই।

অৱশ্যে সূত্ৰ অনুসৰি, চিকিৎসকসকলে তেওঁক কঠোৰ নিৰীক্ষণত ৰাখি চিকিৎসা প্ৰদান কৰি আছে।

তেওঁৰ স্বাস্থ্যৰ অধিক তথ্যৰ বাবে এতিয়া অনুৰাগী আৰু সমৰ্থকসকলে অপেক্ষা কৰিছে।

২০১১ৰ আন্দোলনে কঁপাইছিল দেশ

আন্না হাজাৰেৰ নাম দেশজুৰি বিশেষভাৱে চৰ্চালৈ আহিছিল ২০১১ চনৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ সময়ত।

তদানীন্তন ইউপিএ চৰকাৰৰ কাৰ্যকালত দুৰ্নীতিৰ বিৰুদ্ধে লোকপাল আইন কাৰ্যকৰী কৰাৰ দাবীত তেওঁ দিল্লীৰ যন্তৰ মন্তৰত অনশন কৰিছিল।

তেওঁৰ আন্দোলনে দেশজুৰি ব্যাপক জনসমৰ্থন লাভ কৰিছিল আৰু দুৰ্নীতি বিৰোধী আন্দোলনটোৱে ৰাষ্ট্ৰীয় ৰাজনীতিতো ব্যাপক প্ৰভাৱ পেলাইছিল।

 হাজাৰেৰ আশু আৰোগ্য কামনা

দীৰ্ঘদিন ধৰি সামাজিক আৰু জনস্বাৰ্থৰ বিভিন্ন বিষয়ত সক্ৰিয় ভূমিকা পালন কৰি অহা আন্না হাজাৰেৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ পাছত তেওঁৰ সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ মাজত উদ্বেগ সৃষ্টি হৈছে।

বৰ্তমান চিকিৎসালয়ত চিকিৎসকৰ নিৰীক্ষণত থকা সমাজকৰ্মীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে অনুৰাগীসকলে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *