‘তুমি তোমাৰ পত্নীৰ গোলামী কৰিবানে?’— GenZ ক প্ৰশ্ন আছাদুদ্দিন ওৱেইছীৰ
AIMIMৰ মুৰব্বী তথা সাংসদ আছাদুদ্দিন ওৱেইছীয়ে Gen Z-ৰ যুৱকসকলক উদ্দেশ্য কৰি দিয়া এক বক্তব্যত পত্নীৰ প্ৰতি দায়িত্ব আৰু সন্মানৰ কথা উল্লেখ কৰে।
বক্তব্যৰ আৰম্ভণিতে ওৱেইছীয়ে উপস্থিত যুৱকসকলক উদ্দেশ্য কৰি কয়, “ইয়াত Gen Z-ৰ কিমানজনে হাত উঠাওক?” ইয়াৰ পাছতে তেওঁ যুৱকসকলক জীৱনত কুৰান আৰু ছুন্নতক প্ৰাধান্য দিয়া, মছজিদ সজীৱ কৰি ৰখা আৰু মা-দেউতাৰ সেৱা কৰাৰ বিষয়ে প্ৰশ্ন কৰে।
ইয়াৰ পাছতে পত্নীৰ প্ৰসংগ উত্থাপন কৰি ওৱেইছীয়ে কয়—
“তুমি তোমাৰ পত্নীৰ গোলামী কৰিবানে? কৰিবানে? কৰিবানে? কোনো পৰোৱাহ নাই, ভয় কৰাৰ কথা নাই। যিজন পুৰুষে নিজৰ পত্নীৰ গোলামী কৰে, সেইজনেই ভাল পুৰুষ।”
বক্তব্যত তেওঁ ভনীয়েকসকলৰ অধিকাৰৰ কথাও উল্লেখ কৰে আৰু মহিলাৰ ওপৰত জুলুম নকৰাৰ আহ্বান জনায়।
নিজৰ কথাও উল্লেখ কৰি ওৱেইছীয়ে কয় যে তেওঁৰ ঘৰতো পত্নী আছে আৰু আনৰ ঘৰতো পত্নী আছে। লগতে ৰসিকতা কৰি তেওঁ কয় যে তেওঁৰ দাড়ি ৰ’দত থাকি বগা হোৱা নাই, ঘৰতহে বগা হৈছে।
সামগ্ৰিকভাৱে বক্তব্যটোত ওৱেইছীয়ে যুৱকসকলক ধৰ্মীয় দায়িত্ব পালন কৰাৰ লগতে মা-দেউতাৰ সেৱা, ভনীয়েকৰ অধিকাৰ আৰু পত্নীৰ প্ৰতি সন্মান আৰু দায়িত্বৰ কথা কয়।
