শিৱসাগৰত ৫৬১১খন সাহায্যৰ চেক অহাৰ দাবী, ২১ তাৰিখে প্ৰতিবাদ

শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িত লোকৰ ক্ষতিপূৰণ, মথাউৰি পুনৰ্নিৰ্মাণ আৰু নদী খননৰ দাবীত ২১ তাৰিখে শিৱসাগৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অভিনৱ প্ৰতিবাদী কাৰ্যসূচী লোৱা হ’ব।

প্ৰতিবাদৰ ঘোষণাত শিৱসাগৰ উপায়ুক্তৰ কাৰ্যালয়লৈ ইতিমধ্যে ৫৬১১খন সাহায্যৰ চেক আহিছে বুলি দাবী কৰা হৈছে। এই চেকসমূহ বানপীড়িত লোকক বিতৰণ কৰা হ’ব আৰু যিসকলে এতিয়াও সাহায্য পোৱা নাই, তেওঁলোকৰ বাবেও পৰ্যায়ক্ৰমে ব্যৱস্থা লোৱাৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীয়ে দিছে বুলিও উল্লেখ কৰা হৈছে।

যোৱা ১০ তাৰিখে শিৱসাগৰত হাজাৰ হাজাৰ বানপীড়িত লোকক লৈ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছিল। বানত ক্ষতিগ্ৰস্ত লোকসকলক অতি শীঘ্ৰে ১৫,০০০ টকাকৈ সাহায্য দিবলৈ সেই কাৰ্যসূচীত দাবী তোলা হৈছিল।

২১ তাৰিখৰ প্ৰতিবাদত এতিয়ালৈকে চৰকাৰী সাহায্য নোপোৱা শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িত লোকক প্ৰয়োজনীয় নথিপত্ৰ লৈ আহিবলৈ আহ্বান জনোৱা হৈছে। নথিপত্ৰসমূহ উপায়ুক্তৰ কাৰ্যালয়ত জমা দি পৰীক্ষাৰ পাছত বঞ্চিত পৰিয়ালক সাহায্য দিয়াৰ বাবে দাবী উত্থাপন কৰা হ’ব বুলি জনোৱা হৈছে।

দাবীসমূহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা, দিখৌৰ ১৮ কিলোমিটাৰ উন্মুক্ত মথাউৰি বিজ্ঞানসন্মতভাৱে পুনৰ্নিৰ্মাণ, শিৱসাগৰৰ ফ্লুইচ গেটসমূহ পুনৰ্নিৰ্মাণ, ৰূপহী জান বেদখলমুক্ত কৰা আৰু নদীখনন অন্তৰ্ভুক্ত আছে। বানৰ পুনৰাবৃত্তিৰ আশংকাও উত্থাপন কৰা হৈছে।

ইয়াৰ পূৰ্বে ঘোষণা কৰা দিছপুৰৰ কাৰ্যসূচী বিশ্বকৰ্মা পূজাৰ বাবে স্থগিত ৰখা হৈছিল। এতিয়া ৩ অক্টোবৰ তাৰিখে গুৱাহাটীত শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িত লোকক লৈ ‘দিছপুৰ চলো’ কাৰ্যসূচী ৰূপায়ণৰ কথা ঘোষণা কৰা হৈছে। উপযুক্ত ক্ষতিপূৰণ আৰু দাবীসমূহ পূৰণ নোহোৱালৈ আন্দোলন চলি থাকিব বুলিও কোৱা হৈছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *