ক’লাজামুৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনি আজিয়েই ঘৰলৈ আনিব!

কজলা ৰঙৰ স্থানীয় এই ফলবিধৰ উপকাৰীতাৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি! ক’লাজামুৰ  উপকাৰিতাৰ বিষয়ে হয়তু বহুতে নাজানে। ঋতুভিত্তিক এই ফলবিধ উপলব্ধ যেতিয়াই উপলদ্ধ হয় ঘৰলৈ আনি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিব।
পঢ়ক এই গ্ৰীষ্মকালীন ফলবিধৰ উপকাৰিতাৰ বিষয়ে- 
১) ক’লাজামুৰ অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰে ভৰপূৰ। ই ভিটামিন চি, আইৰণ, আৰু এন্থ’চাইনিনৰ দৰে এন্টিঅক্সিডেন্টৰ এক উৎকৃষ্ট উপাদান পোৱা যায়। যাৰ বাবে ফলটো ৰং গাঢ় বেঙুনীয়া হয় । এক গৱেষণাৰ মতে এই এন্টিঅক্সিডেণ্টে শৰীৰৰ অক্সিডেটিভ চাপ আৰু প্ৰদাহৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।
২) ক’লাজামুত যথেষ্ট  আঁহজাতিয় উপাদান থাকে । যিয়ে পাচনত সহায় কৰে আৰু কোষ্ঠকাঠিন্য ৰোধ কৰে। এই ফলবিধত থকা টেনিন আৰু ফ্লেভন’ইডে  উপকাৰী বেক্টেৰিয়া বৃদ্ধি কৰে।
৩) তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ক’লাজামুৱে। ডায়েবেটিছ ৰোগীৰ বাবে ক’লাজামু এক মহৌষধ। এই ফলত জাম্বলিন আৰু জাম্বোচিনৰ দৰে যৌগ থাকে, যিয়ে তেজত চেনিৰ মাত্ৰা হ্ৰাস কৰাৰ কাম কৰে। 
৪) গ্ৰীষ্মকালীন বিভিন্ন ছালৰ সমস্যাই দেখা দিয়ে, বিশেষকৈ  ৰ'দত ছাল ক'লা পৰাৰলগতে ছাল শুকান হোৱাৰ দৰে সমস্যা বৃদ্ধি হোৱা দেখা যায়। ক’লাজামু থকা প্ৰচুৰ পৰিমাণৰ ভিটামিন চি আৰু এষ্ট্ৰিংজেণ্টৰ উপাদানে ছালখন সজীৱ কৰি তোলাত সহায় কৰাৰ লগতে ছালখন স্বাস্থ্যবান কৰাত সহায় কৰে।  
৫/  ক’লাজামুত থকা ভিটামিন চি আৰু অন্যান্য এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। এক গৱেষণাৰ মতে এই পুষ্টিকৰ উপাদানসমূহে সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ অতি গুৰুত্বপূৰ্ণ শ্বেত ৰক্তকণিকাৰ উৎপাদন কৰাত সহায় কৰে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *