শুক্ৰবাৰে চণ্ডীগড়ত মুখামুখি হৈছিল গুজৰাট টাইটানছ আৰু মুম্বাই ইণ্ডিয়ানছ। মেচত জিকি কোয়ালিফায়াৰ ২ত মুম্বাই ইণ্ডিয়ানছ। কিন্তু মেচৰ আৰম্ভণিৰ পূৰ্ৱে টছৰ সময়ত দৃষ্টিকটু এটা ঘটনাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। টছৰ পিছতে শুভমানেই হাৰ্দিকৰ দিশে ঘূৰি কিছু হাত আগবাঢ়িও দিছিল গুজৰাটৰ অধিনায়কে। মুম্বাইৰ অধিনায়ক হাৰ্দিক ভাবিছিল শুভমান হাত মেলি কৰমৰ্দন কাৰণে ঘূৰিছে। হাৰ্দিকেও হাত আগবাঢ়িব খুজোতেই শুভমান হাত আগবাঢ়ি নাহিল। তাৰ পিছতেই দুয়োজনে প্ৰায় একে সময়তে হাত আঁতৰাই লৈছিল। পাছত অৱশ্যে দুয়োজনে কৰমৰ্দন কৰা দেখা গৈছিল।
এসময়ত গুজৰাট টাইটানছৰ অধিনায়ক আছিল হার্দিক। তেওঁৰ নেতৃত্বত আইপিএল জিকিছিল গুজৰাটে। কিন্তু সেই দল এৰি মুম্বাই ইণ্ডিয়ানছলৈ উভতি যায় হার্দিক। তাৰ পাছত গুজৰাট টাইটানছৰ অধিনায়ক হয় শুভমন। শুকুৰবাৰে দুই দলৰ অধিনায়কৰ সাক্ষাতৰ সময়ত হোৱা এই ঘটনাই বিতৰ্কৰ সৃষ্টি কৰিছে। শুকুৰবাৰে টচ জিকি বেটিং কৰাৰ সিদ্ধান্ত মুম্বাই ইণ্ডিয়ানছে। হাৰ্দিকৰ দলে ২২৮ ৰান কৰে। প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাই ৮১ ৰান কৰে। গুজৰাতৰ ইনিংছ শেষ হৈ যায় ২০৮ ৰাণত। এইবাৰৰ আইপিএলৰ পৰা বাহিৰ হৈ পৰে গুজৰাট টাইটানছ।