দেশত পুনৰ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কৰোনা ভাইৰাছৰ প্ৰভাৱ। কৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে ৪ গৰাকী লোকে ।
এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে ৩৩৯৫ গৰাকী লোক ।
বিগত ২৪ ঘণ্টাত কৰোনাত আক্ৰান্ত হৈছে ৬৮৫ গৰাকী লোক ।
ইফালে, বিগত কভিড পছিটিভ হৈ মৃত্যু হৈছে ৪ গৰাকী লোকৰ ।
লগতে সুস্থ হৈ চিকিৎসালয়ৰ পৰা উভতিছে ১৪৩৫ গৰাকী লোক ।
উল্লেখ্য যে, মৃত্যুৰ মুখত পৰা লোক কেইগৰাকী ক্ৰমে কৰ্ণাটক, উত্তৰ প্ৰদেশ, ছত্তীছগড় আৰু কেৰালাৰ বুলি জানিব পৰা গৈছে ।
দেশত বৃদ্ধি হোৱা কৰোনা আক্ৰান্তৰ সংখ্যাই চিন্তিত কৰিছে স্বাস্থ্য মন্ত্ৰালয়ক।