হানিমুনলৈ বুলি ছিকিমলৈ গৈছিল নৱদম্পতি, পথত ঘটিল ভয়ংকৰ ঘটনা...


সপোনৰ মধুচন্দ্ৰিমা যাত্ৰা শোকৰ কাহিনীলৈ পৰিণত হ'ল এটা দম্পত্তিৰ বাবে। ছিকিমত ভয়ংকৰ পথ দুৰ্ঘটনাত হাজাৰ ফুট গভীৰ খাৱৈত পৰি  নিখোঁজ হৈ পৰে উত্তৰপ্ৰদেশৰ এটি নৱদম্পতি ।
ঘটনাটো ঘটিছে যোৱা বৃহস্পতিবাৰ ৰাতি। উত্তৰ ছিকিমৰ মঙ্গন জিলাৰ চুংথাংৰ পৰা মুন্সিথাংৰ দিশে গৈ 
আছিল ১১ জন যাত্ৰীসহ এখন গাড়ী। পশ্চিমবঙ্গ, ত্ৰিপুৰা আৰু ওড়িশাৰ পৰ্যটকৰ লগতে উক্ত গাড়ীত আছিল উত্তৰপ্ৰদেশৰ কৌশলেন্দ্ৰ প্ৰতাপ সিং (২৯) আৰু তেওঁৰ পত্নী অঙ্কিতা (২৬)। মাত্ৰ ২৫ দিন পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা এই দম্পতীয়ে ২৪ মে’ত হানিমুলৰ উদ্দেশ্যে ছিকিমলৈ যাত্ৰা কৰিছিল।
কিন্তু ২৯ মে’ৰ নিশা প্ৰবল বৰষুণৰ মাজতে যাত্ৰীবাহি গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই প্রায় ১০০০ ফুট গভীৰ খাৱৈত পৰি যায়। গাড়ীখন চিধা  গৈ তিস্তা নদীত পৰে। স্থানীয় লোকসকলৰ সহায়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। এই অভিযানত উদ্ধাৰ কৰা ৩ জন যাত্ৰীৰ ভিতৰত এজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে আৰু বাকী দুজনক গুৰুতৰ অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
নিখোঁজ  উত্তৰপ্ৰদেশৰ কৌশলেন্দ্ৰ প্ৰতাপ সিং দিল্লীত চিভিল ছাৰ্ভিছ পৰীক্ষাৰ প্ৰস্তুতি কৰি আছিল, আৰু অঙ্কিতাৰ লক্ষ্ণৌত এখন ঔষধৰ দোকান আছিল। দুয়ো জনেই নিজ নিজ পৰিয়ালৰ একমাত্ৰ সন্তান। এই দুৰ্ঘটনাৰ খবৰে দুয়োটা পৰিয়ালকেই শোকাহত কৰি তুলিছে। ইতিমধ্যে দুয়ো পক্ষৰ আত্মীয়-স্বজন ছিকিমত উপস্থিত হৈছে।
এতিয়াও প্ৰতিকূল বতৰৰ মাজতেই উদ্ধাৰ অভিযান অব্যাহত আছে। উল্লেখযোগ্য যে, গাড়ীখনত ১১ জন যাত্ৰীৰ ভিতৰত এতিয়াও ৮ জন নিখোঁজ হৈয়ে আছে। বৰষুণ, শিলাবৃষ্টি, গড়াখহনীয়াৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট সমস্যা হোৱা দেখা গৈছে। উত্তৰ ছিকিমৰ বহু ঠাইত বৰষুণৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। প্ৰাকৃতিক বিপৰ্যয়ে অঞ্চলটোক শোচনীয় কৰি তুলিছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *