দিল্লী বাৰ এচ’চিয়েছনৰ সিদ্ধান্তঃ অধিবক্তাৰসকলে পিন্ধিব নালাগে ক’লা

উত্তৰ ভাৰতত চলি থকা উৎকট গৰমৰ প্ৰতি লক্ষ ৰাখি দিল্লী বাৰ এচ’চিয়েচনে অধিবক্তাসকলৰ বাবে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২৪ মে’ তাৰিখে জাৰি কৰা এখন বিজ্ঞপ্তিৰ জৰিয়তে জানোৱা হৈছে যে, ১৬ মে’ৰ পৰা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত দিল্লী বাৰৰ সদস্যসকলে ক'লা কোট পৰিধান কৰাৰ পৰা ৰেহাই পাব।
‘এডভোকেটছ এক্ট, ১৯৬১’ অনুসৰি, আদালতত অধিবক্তাসকলে সুনির্দিষ্ট পোছাক বিধি মানি চলিব লগীয়া হয়। অধিবক্তাৰ পোছাক- গলাবন্ধ বগা কলাৰ, টাই, দীঘল হাতৰ বগা পোছাক আৰু তাৰ ওপৰত ক'লা কোট। কিন্তু দিল্লীৰ গৰমত এই ধৰণৰ  পোশাক পৰিধান কৰি  কাৰ্যনিৰ্বাহ কৰাটো বৰ্তমান ঘৰমৰ বাবে  বহু কষ্টকৰ হৈ পৰিছে।  যদিও ক’লা কোট পৰিধান কৰাৰ পৰা ৰেহাই দিয়া হৈছে, কিন্তু  বগা পোছাক, টাই আদি আগৰ দৰে পৰিধান কৰি মানি চলিব লাগিব।
এই সিদ্ধান্তকে স্বাগতম জনাইছে বহু অধিবক্তাই। সাকেত  বাৰ এচ'চিয়েছনৰ সচিব ধীৰ সিংহ কাসানাই এই সিদ্ধান্তক স্বাগতম জনাই কয়, “এই পদক্ষেপ অত্যন্ত সময়োপযোগী। উত্তৰ ভাৰতত জুন-জুলাই মাহত গৰম অতি বেছি হয়, সেয়ে সকলো বাৰ আৰু কাউন্সিলে এই দৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত।”
দিল্লি উচ্চ ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাই কয় যে , “দেশৰ বহু নিন্ম আদালতত শীত তাপনিয়ন্ত্ৰণ ব্যৱস্থা নাথাকিলেও, এই পোশাক বিধি মানি চলাটো কষ্টকৰ হৈ পৰে। এই সিদ্ধান্তই অধিবক্তাসকলক স্বস্তি দিব।”
ইতিপূৰ্বে আন কেইবাখনো ৰাজ্যত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে
কলকাতা উচ্চ ন্যায়ালয়ে গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত ক’লা কোট পৰিধান কৰাৰ পৰা সাময়িক সকাহ দিছিল।
মাহাৰাষ্ট্ৰ আৰু গোৱাৰ বাৰ কাউন্সিলে ১ মাৰ্চৰ পৰা ৩০ জুনলৈ ক’লা কোটৰ বাধ্যবাধকতা অব্যাহত ৰাখে।
ভোপাল বাৰ কাউন্সিলে ১৫ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ একেই ঘোষণা প্ৰদান কৰিছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *