কলা ধন প্ৰতিৰোধ কৰিবলৈ দেশত পুনৰবাৰ বিমুদ্ৰাকৰণৰ কৰিবলৈ আহ্বান জনাইছে এগৰাকী মুখ্যমন্ত্ৰীয়ে। দেশৰ বজাৰত প্ৰচলিত ৫০০ নোট বন্ধ কৰি দিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়েগৰাকীয়ে। কেৱল ৫০০ টকীয়া নোটেই নহয় ২,০০০ টকীয়া নোটো বন্ধ কৰি দিবলৈ কেন্দ্ৰক আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে। ৫০০ নোট বন্ধ কৰিবলৈ মোদী চৰকাৰলৈ আহ্বান জনাইছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে।
দেশত ৫০০ আৰু ২,০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰি ডিজিটেল লেনদেনক অধিক প্ৰসাৰ কৰাৰ আহ্বান নাইডুৰ। ইতিমধ্যে ডিজিটেল কাৰেঞ্চিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত এখন প্ৰতিবেদন জমা দিছিল মুখ্যমন্ত্ৰী নাইডুয়ে। ৰাজনৈতিক দল সমূহেও নগদ ধনৰ সলনি ডিজিটেল মাধ্যমেৰে চান্দাৰ ধন লোৱাটো আৱশ্যক বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী নাইডুয়ে।
বিজেপিৰ নেতৃত্বাধীন NDA মিত্ৰদল TDP ৰ ফালৰ পৰা কৰা দাবী মানি ল'ব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ?
২০১৬ চনৰ পাছত পুনৰবাৰ দেশৰ অৰ্থনীতিত কুঠাৰঘাত কৰি বিমুদ্ৰাকৰণৰ দৰে হতকাৰী সিদ্ধান্ত ল'ব নেকি কেন্দ্ৰই ?
অৱশ্যে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰা দাবীৰ সন্দৰ্ভত কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
উল্লেখযোগ্য যে,২০১৬ চনৰ ৮ নৱেম্বৰত নিশা ৮ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা বিমুদ্ৰাকৰণৰ পাছত বেংকত পুৰণি নোট সলনি কৰিবলৈ গৈ ৰ’দত দীঘলীয়া শাৰী পাতি ১০০ৰো অধিক লোকৰ মৃত্যু হৈছিল।