চীন-পাকিস্তানৰ বুকুত কঁপনি তুলি ৰাছিয়াই ভাৰতক গতাব S-400 এয়াৰ ডিফেন্স মিছাইল চিষ্টেম

২০২৬ চনত ৰাছিয়াৰ পৰা ভাৰতলৈ আহিব S-400 এয়াৰ ডিফেন্স মিছাইল চিষ্টেম। ইতিমধ্যে পশ্চিম আৰু উত্তৰ সীমান্তত ভাৰতীয় সেনাই সক্ৰিয় কৰি ৰাখিছে ৰাছিয়াৰ S-400 এয়াৰ ডিফেন্স মিছাইল চিষ্টেম। ৪০০ কিলোমিটাৰ পৰ্যন্ত শত্ৰু ৰাষ্ট্ৰৰ মিছাইল ধ্বংস কৰিব পৰাকৈ সক্ষম S-400 এয়াৰ ডিফেন্স মিছাইল চিষ্টেম। অহা বৰ্ষত ভাৰতৰ হাতত বিধ্বংসী S-400 মিছাইল গতোৱাৰ কথা নিশ্চিত প্ৰদান কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰদূত ৰোমান বাবুস্বিকিনে।
ইতিমধ্যে পাকিস্তানক এশিকনি দিবলৈ 'অপাৰেচন সিন্দূৰ'ৰ সময়ত ভাৰতীয় সেনাই ব্যৱহাৰ কৰিছিল S-400 এয়াৰ ডিফেন্স মিছাইল চিষ্টেম। শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰৰ সৈতে তুলনা কৰা হৈছিল ৰাছিয়াৰ S-400 এয়াৰ ডিফেন্স মিছাইল চিষ্টেমক। S-400 হৈছে ৰাছিয়াৰ আলমাজ চেণ্ট্ৰেল ডিজাইন ব্যুৰোৰ দ্বাৰা নিৰ্মিত এক অত্যাধুনিক বায়ু প্ৰতিৰক্ষা ব্যৱস্থা। একেটা সময়তে ১৬০ টা টাৰ্গেট ট্ৰেক কৰিব পাৰে ৰাছিয়াৰ S-400 এয়াৰ ডিফেন্স মিছাইল চিষ্টেমে।
২০১৮ চনত ৰাছিয়াৰ পৰা ৫.৪৩ বিলিয়ন ডলাৰৰ বিনিময়ত ভিৰতে ক্ৰয় কৰিছিল ৫ টা S-400 ৰেজিমেন্ট। ২০২১ চনৰ ডিচেম্বৰ মাহত ৰাছিয়াই ভাৰতৰ হাতত অৰ্পণ কৰিছিল S-400 ৰ প্ৰথমটো ৰেজিমেন্ট। চুক্তি অনুসৰি ৰাছিয়াই ইতিমধ্যে S-400 এয়াৰ ডিফেন্স মিছাইল চিষ্টেম ভাৰতৰ হাতত অপৰ্ণ কৰিছে। ২০২৬ ত বাকী থকা দুটা S-400 এয়াৰ ডিফেন্স মিছাইল চিষ্টেম ভাৰতৰ হাতত গতাব ৰাছিয়াই। 
ৰাছিয়াৰ এয়াৰ ডিফেন্স মিছাইল চিষ্টেমক লৈ সংকিত হৈ পৰিছে চীন আৰু পাকিস্তান। কাৰণ 'অপাৰেচন সিন্দূৰ' সময়ত ভাৰতীয় সেনাই সঞ্চালন কৰা S-400 মিছাইলৰ পৰাক্ৰম দেখিছে পাকিস্তানে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *