বন্ধ কোঠাত যুৱতীক প্ৰহাৰ কৰি বিতৰ্কত সোমাই পৰা ভিক্টৰ দাসৰ সমুখত নতুন বিপদ

এইবাৰ বিতৰ্কিত ভিক্টৰ দাসৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যিক মহিলা আয়োগ। সোমবাৰে ভিক্টৰ দাসৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিলে ৰাজ্যিক মহিলা আয়োগে। বন্ধ কোঠাত ভিক্টৰ দাসে যুৱতী প্ৰহাৰৰ ঘটনাৰ বিৰুদ্ধে মহিলা আৰক্ষী থানাক তদন্তৰ নিৰ্দেশ দিলে ৰাজ্যিক মহিলা আয়োগে।
ভিক্টৰে বন্ধ কোঠাত এগৰাকী যুৱতীক বৰ্বৰ অত্যাচাৰ চলোৱাৰ দৃশ্য ভাইৰেল হৈছিল সামাজিক মাধ্যমত। ভিক্টৰৰ বৰ্বৰতাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দাখিল হৈছে এজাহাৰ। গতিকে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বিতৰ্কিত ভিক্টৰ দাস।
বীৰ লাচিত সেনাইও ভিক্টৰৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। ভিক্টৰ দাসৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক আহ্বান জনাইছিল সংগঠনটোৱে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *