সন্ধানহীন সুমনৰ বাসগৃহত আছুৰ সজাতি দল,৪ দিন ধৰি সূংসূত্ৰ নাই সুমন মৰাণৰ

ৰাজ্যজুৰি প্ৰৱল বৃষ্টিপাত। ব্ৰহ্মপুত্ৰৰ বুকু উফন্দি উঠিছে। বানপানীৰ কোবাল সোঁতত ভাঁহি গৈছে ঘৰ দুৱাৰ সা-সম্পত্তি। কৰ্দৈগুৰি অঞ্চলৰ ৰাইজে গৰাখহনীয়া আৰু বানপানীৰ বাবে জীয়াতু ভুগিবলগীয়াত পৰিছে। তাৰ মাজতেই মেধাবী যুৱক সুমন মৰাণৰ  আজি চাৰিদিন ধৰি  খা-খবৰ নাই ।
আজি সদৌ অসম ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক শ্ৰীযুত সমৰজ্যোতি গোহাঁই নেতৃত্বত তিনিচুকীয়াৰ  কৰদৈগুৰী অঞ্চলত উপস্থিত হৈ  চাৰিদিন ধৰি সন্ধানহীন হৈ থকা পিতৃহাৰা মেধাৱী ছাত্ৰ সুমন মৰাণৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে। সন্ধানহীন সুমন মৰাণক বিচাৰি NDRFৰ দলে আজিও অভিযান অব্যাহত ৰাখিছে ।
আনহাতে  আছুৰ সজাতি দলটোৱে জিলাখনৰ প্ৰতিটো আশ্ৰয় শিবিৰত উপস্থিত হৈ বানপীড়িত পৰিয়ালক সাক্ষাৎ কৰি তেওঁলোকক যাৱতীয় বস্তু যোগান ধৰে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *