Ambubachi Mela: ২২ জুনৰ পৰা ২৬ জুনলৈ মহা অম্বুবাচী মেলা, কেতিয়া হ'ব অম্বুবাচীৰ প্ৰবৃত্তি-নিবৃত্তি?

২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা।আজি অম্বুবাচী মেলাক লৈ অসম পৰ্যটন বিভাগে এক সংবাদ মেল সম্বোধন কৰে পল্টনবজাৰস্থিত অসম পৰ্যটন বিভাগৰ কাৰ্যালয়ত । সংবাদ মেলত মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে অম্বুবাচীৰ প্ৰস্তুতিৰ সম্পৰ্কে অৱগত কৰি কয় যে ৪.৫৫ কোটি টকা বাজেটেৰে এইবাৰ অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। 
এইবাৰ অম্বুবাচী মেলাত তলৰ পৰা চেণ্ডেল জোতা নিয়া নিষেধ কৰা হ’ব।  ভক্তসকলৰ সুবিধা হোৱাকৈ কামাখ্যাৰ মূল গেটৰ পৰা পথত কাৰ্পেট পাৰি দিয়াৰ লগতে ঠায়ে ঠায়ে খোৱা পানীৰো ব্যৱস্থা। ভক্তসকলৰ বাবে বৰ্তমানলৈকে ৪ টা শিবিৰৰ ব্যৱস্থা কৰা হৈছে। এই শিবিৰসমূহ বহিঃ ৰাজ্যৰ পৰা অহা ভক্তসকলৰ বাবে নিৰ্মাণ কৰা হৈছে। অৱশ্যে ভক্তৰ সংখ্যা বা সমাগম আশা কৰাতকৈ অধিক বৃদ্ধি হ’লে এই শিবিৰৰ সংখ্যা বৃদ্ধি কৰা হ’ব বুলিও প্ৰকাশ কৰিছে পৰ্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে। দুটা পথেৰে মেলালৈ যাব পাৰিব ভক্তই। বতৰ বেয়া হ’লে পাণ্ডুৰ ৰাস্তা বন্ধ কৰা হ’ব।  
লগতে তেঁও কয় যে এইবাৰ অম্বুবাচী মেলাত  নাথাকিব কোনো ভি আই পি আৰু ভি ভি আই পি ব্যৱস্থা।  ২৬ আৰু ২৭ জুনত ভক্তই নাপাব পাছ।
এইবাৰ অম্বুবাচী মেলাৰ পৰিৱৰ্তে মহা অম্বুবাচী মহাযোগ নাম দিয়া হৈছে। অম্বুবাচী সফল কৰিবলৈ ২৪টা বিভাগলৈ নিৰ্দেশনা দিয়া হৈছেবুলি জনাই মন্ত্ৰীগৰাকীয়ে। লগতে তেঁও কয় যে ৯ জুনত কামাখ্যাত অম্বুবাচীৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। 
উল্লেখ্য যে, এইবাৰ অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হ'ব ২২ জুনৰ দুপৰীয়া ২ বাজি ৫৬ মিনিটত। আনহাতে অম্বুবাচীৰ নিবৃত্তি ২৬ জুনৰ পুৱতি নিশা ৩ বজাত। মন্ত্ৰী ৰঞ্জিৎ কুমাৰে দাসে জনোৱা অনুসৰি অম্বুবাচী মহাযোগত নাথাকিব কোনো ভি আই পি আৰু ভি ভি আই পি ব্যৱস্থা।  

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *