শনিবাৰে যোৰহাটত সাংসদ গৌৰৱ গগৈৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক ভিৰৰ মাজতে একাংশ কংগ্ৰেছী সমৰ্থকে অশালীন আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত যোৰহাট থানাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ভুক্তভোগী মহিলা সাংবাদিক দুগৰাকীয়ে ঘটনা সন্দৰ্ভত থানাত লিখিতভাৱে জনোৱাৰ পিছতে আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ 74/115(2) ধাৰাত 262/2025 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
ভিডিঅ’ ফুটেজ আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ওপৰত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য , যোৰহাটত APCCৰ নৱ নিযুক্ত সভাপতি সাংসদ গৌৰৱ গগৈ শনিবাৰে উপস্থিত হোৱাৰ সময়তে একাংশ কংগ্ৰেছ সমৰ্থকে থেলাহেচাৰ মাজতেই অভব্য আচৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত গৌৰৱ গগৈৰ উপস্থিত হোৱাৰ সময়তেই ঠেলা-হেচা পৰিস্থিতিৰ উদ্ভৱ হৈছিল একাংশ কংগ্ৰেছ সমৰ্থকৰ মাজত। ৰৰৈয়া বিমানবন্দৰ চৌহদত থকা চিচিটিভি কেমেৰাৰ ফুটেজটো এই ঘটনাৰ দৃশ্য বন্দী হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য কৰি আৰক্ষীয়ে প্ৰয়োজনত ৰৰৈয়া বিমানবন্দৰৰ ফোটেজো সংগ্ৰহ কৰাৰ সম্ভাৱনা। লগতে সেই সময়ত ৰৰৈয়া বিমানবন্দৰ উপস্থিত থকা কংগ্ৰেছ নেতাকো সোধপোছৰ বাবে তলব কৰিব পাৰে যোৰহাট আৰক্ষীয়ে। ।