কেৰালাৰ সাগৰীয় উপকূলত ডুবিল ৰাসায়নিক পদাৰ্থ কঢ়িওৱা বিদেশী কণ্টেইনাৰ জাহাজ

২৪ মে’ত কেৰালাৰ সাগৰীয় উপকূলত লাইবেৰিয়াৰ পতাকা থকা এখন মালবাহী জাহাজ  ডুব গৈছিল। কেৰালাৰ ভিজিনজাম বন্দৰৰ পৰা কোচি অভিমুখে যাত্ৰা কৰি থকা অৱস্থাত বেয়া বতৰৰ সন্মুখীন হয় এম এছ চি এল এছ এ-৩  জাহাজখন। যাৰ ফলত ডুব যায় ৰাসায়নিক পদাৰ্থ কঢ়িওৱা জাহাজখন ।ঘটনাৰ লগে লগে ক’ষ্ট গাৰ্ডে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি ৰাছিয়া আৰু ফিলিপাইনছকে ধৰি বিভিন্ন দেশৰ কমেও ২১ জন ক্ৰু সদস্যক নিৰাপদে উদ্ধাৰ কৰে।
কেৰালা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সম্পাদক টিংকু বিশ্বলে চৰকাৰী নিৰ্দেশনাত কয় যে এই দুৰ্ঘটনাটোৱে কেৰালাৰ ৫৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূলৰ বাবে পৰিৱেশ, সামাজিক আৰু অৰ্থনৈতিক দিশৰ পৰা ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে।
জাহাজখনৰ কাৰ্গো মেনিফেষ্টৰ মতে, ডুব যোৱাৰ সময়ত ৬৪০টা কণ্টেইনাৰ পানীত পৰি যায়। ইয়াৰে ১২টাত জ্বলনশীল বিপজ্জনক ৰাসায়নিক পদাৰ্থ আছিল। এতিয়ালৈকে কোল্লাম, তিৰুৱনন্তপুৰম আৰু আলাপ্পুজাৰ উপকূলত ৫৪টা কণ্টেইনাৰ উদ্ধাৰ কৰা হৈছে। প্ৰচণ্ড ঢৌৰ বাবে আৰু অধিক কণ্টেইনাৰ দক্ষিণ কেৰালাৰ উপকূললৈ উটি যাব পাৰে বুলি আশংকা কৰা হৈছে।
ইয়াৰ উপৰিও জাহাজখনত ৮৪.৪৪ মেট্ৰিক টন ডিজেল আৰু ৩৬৭ মেট্ৰিক টন অন্যান্য ইন্ধন তেল কঢ়িয়াই অনা বুলি জানিব পৰা গৈছে।
আনহাতে, তিৰুৱনন্তপুৰমৰ উপকূলত ইতিমধ্যে সৰু সৰু প্লাষ্টিক আৰু পলিথিনৰ দম জমা হৈছে। যাৰ ফলত মাইক্ৰ’প্লাষ্টিক প্ৰদূষণ বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পাইছে। পৰিৱেশ সুৰক্ষাৰ বাবে কেৰালা চৰকাৰে স্বেচ্ছাসেৱক নিযুক্তি দি চাফাই অভিযান আৰম্ভ কৰিছে।
ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকো এই পৰিস্থিতিৰ সৈতে মোকাবিলাৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিছে চৰকাৰে।
পৰিৱেশ বিশেষজ্ঞসকলৰ মতে সম্ভাৱ্য গেছ নিৰ্গমন আৰু তেলৰ ৰাসায়নিক মিশ্ৰণে সাগৰীয় জৈৱ বৈচিত্ৰ্যৰ ভয়াৱহ ক্ষতি কৰিব পাৰে। গতিকে জাহাজ ধ্বংসপ্ৰাপ্ত অঞ্চলৰ ২০ নটিকেল মাইলৰ ব্যাসাৰ্ধৰ ভিতৰত মাছ ধৰাটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে। 


Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *