উচ্চতম ন্যায়ালয়ে গ্ৰহণ নকৰিলে অসম চৰকাৰৰ ‘পুছ বেক’ নীতিৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ শুনানি

উচ্চ ন্যায়ালৰ দ্বাৰস্থ নোহোৱাকৈ উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰাৰ বাবে অসম চৰকাৰৰ ‘পুছ বেক’ নীতিৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ শুনানি গ্ৰহণত অস্বীকাৰকৰিলে  উচ্চতম ন্যায়ালয়ে। 'কিয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই', বুলি প্ৰশ্ন কৰিলে  আদালতে। 
শেহতীয়াকৈ অসম চৰকাৰে সন্দেহযুক্ত বিদেশীক আটক কৰি বাংলাদেশলৈ বিতাড়ন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অভিযোগ উঠিছে যে সন্দেহযুক্ত বিদেশীক নাগৰিকত্ব নিশ্চিত নকৰাকৈ আৰু পৰ্যাপ্ত আইনী সুবিধা নিদিয়াকৈ আটক কৰি বিতাড়িত কৰা হৈছে। যাৰ বাবে  উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল বাদী পক্ষই। 
অৱশ্যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কেৰল আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে সোমবাৰে এই গোচৰ খাৰিজ কৰি কয় যে , তেঁওলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব পাৰে।
ইয়াৰ পিছতে বাদী পক্ষই গোচৰটো প্ৰত্যাহাৰ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ গোচৰ তৰিব বুলি জানিবলৈ দিয়ে। তেওঁলোকৰ অভিযোগ, 'অসম আৰক্ষী আৰু প্ৰশাসনে ‘পুছ বেক’ নীতিৰ জৰিয়তে কোনো নিয়ম নীতি নমনাকৈ বিতাড়ন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই নীতিয়ে সংবিধানৰ ১৪ আৰু ২১ নং অনুচ্ছেদ উলংঘা কৰা কৰিছে।'

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *