এইবাৰ IPLত নতুন চেম্পিয়ন! ৰচনা হ'ব নতুন ইতিহাসৰ

এইবাৰ IPLত নতুন চেম্পিয়ন! ৰচনা হ'ব নতুন ইতিহাসৰ

এইবাৰ IPLয়ে লাভ কৰিব নতুন চেম্পিয়ন। চেন্নাই আৰু মুম্বাইয়ে ৰাজত্ব কৰি‌ অহা‌ IPLত এইবাৰ ৰচনা হ'ব নতুন ইতিহাসৰ। আজি অনুষ্ঠিত হ'ব IPLৰ ফাইনেল। IPLৰ ফাইনেলত এইবাৰ কেতিয়াও চেম্পিয়ন নোহোৱা দুটা দলৰ মাজত হ'ব ২২ গজৰ যুঁজ। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম পাঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ'ব এইবাৰৰ IPL ফাইনেল। সন্ধিয়া ৭:৩০ বজাৰ লগে লগেই আৰম্ভ হ'ব IPLৰ ইতিহাসৰ আটাইতকৈ ৰোমাঞ্চকৰ মেচখন। উল্লেখ্য যে, দুয়োটা দলে পূৰ্বতে IPLৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও দেখিছিল কেৱল পৰাজয়ৰ মুখ। ইয়াৰ পূৰ্বে বিৰাট কোহলীৰ দৰে তাৰকা খেলুৱৈ থকাৰ পাছতো ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুয়ে ২০০৯,২০১১ আৰু ২০১৬‌ চনৰ IPLৰ ফাইনেলত কেৱল পৰাজয়ৰ হে মুখ দেখিছিল। অন্যহাতে, পাঞ্জাৱৰ দলটোৱে ২০১৪ত প্ৰাক্তন অষ্ট্ৰেলিয়ান খেলুৱৈ জৰ্জ বেলীৰ সৱল নেতৃত্ব আৰু গ্লেন মেক্সৱেলৰ বিস্ফোৰক বেটিঙৰ সহায়ত ফাইনেলত প্ৰৱেশ কৰিছিল যদিও কলকাতাৰ হাতত পৰাজিত হৈছিল। ২০০৮ চনৰে পৰা দুয়োটা দলে IPL চেম্পিয়ন হোৱাৰ চেষ্টা চলাই আহিছে যদিও সফলতাই ধৰা দিয়া নাছিল। অৱশেষত এইবাৰ IPLৰ ট্ৰফীত এই দুটা দলৰ ভিতৰত এটা দলৰ নাম সন্নিৱিষ্ট হ'ব। পূৰ্বতে মুম্বাই, চেন্নাই, কলকাতা, হায়দৰাবাদ, গুজৰাট আৰু ৰাজস্থান চেম্পিয়ন হ'বলৈ সক্ষম হৈছে।‌ গতিকে, আজিৰ ফাইনেল মেচখনে স্পষ্ট কৰিব যে এইবাৰ বিৰাট কোহলীৰ অনুৰাগীয়ে শেষ হাঁহি মাৰিব নে প্ৰীতি জিন্দাৰ অনুৰাগীয়ে।


Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *