আনুষ্ঠানিক ভাৱে APCCৰ সভাপতিৰ দায়িত্ব ল'লে গৌৰৱ গগৈয়ে

আজি পুৱা ১০ বজাত ৰাজীৱ ভৱনত দায়িত্বভাৰ গ্ৰহণ কৰিলে গৌৰৱ গগৈয়ে। অনুষ্ঠানত উপস্থিত থাকে জিতেন্দ্ৰ সিং, ৰুকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, প্ৰাক্তন সভাপতি ভূপেন বৰাকে ধৰি বহু কংগ্ৰেছী নেতা। অসম প্ৰদেশ কংগ্ৰেছৰ গুৰু দায়িত্ব বহন কৰাৰ পূৰ্বে মা কামাখ্যাৰ  আশীষ গ্ৰহণ কৰে যোৰহাটৰ সাংসদগৰাকীয়ে। তাৰ পাছতে গায়ন বায়ন, ঢোলে ডগৰে বজাই গৌৰৱ গগৈক আদৰি অনা হয় ৰাজীৱ ভৱনলৈ। 
দায়িত্বভাৰ গ্ৰহণৰ অনুষ্ঠান সুন্দৰকৈ আয়োজন কৰাৰ বাবে সকলোকে ধন্যবাদ জনাই APCCৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে। দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰাক্তন সভাপতি ভূপেন বৰাক ধন্যবাদ জনায় গৌৰৱ গগৈয়ে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *