নগাঁৱত টমটম চলাই পৰিয়াল পোহপাল দিছে এগৰাকী কলেজীয়া ছাত্ৰীয়ে

যি সময়ত একোগৰাকী কলেজীয়া শিক্ষাৰ্থীয়ে জীৱনৰ ৰঙীণ স্বপ্নত বিভোৰ হৈ থাকে, সেই সময়তে নগাঁৱৰ এগৰাকী ছাত্ৰীয়ে টমটম চলাই পৰিয়াল পোহপাল দিব লগা অৱস্থা হৈছে। বৰ্তমান ননৈ মহাবিদ্যালয়ৰ দ্বিতীয় ষাণ্মাসিকৰ এইগৰাকী ছাত্ৰীৰ নাম গংগোত্ৰী হাজৰিকা। নগাঁও-বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত পোটনী সোণাৰীগাঁও নিবাসী পিতৃ ৰঞ্জন হাজৰিকাই টমটম চলাই কোনোমতে পৰিয়ালটোৰ ভাতমুঠি যোগাৰ কৰিছিল যদিও এতিয়া তেওঁ অসুস্থ হোৱাত উপাৰ্জনৰ দায়িত্ব কান্ধ পাতি ল'বলৈ বাধ্য হৈছে গংগোত্ৰীয়ে। এইগৰাকী  যথেষ্ট পৰিশ্ৰমী আৰু সাহসী যুৱতীয়ে এফালে যেনেদৰে জীৱন সংগ্ৰামৰ কঠিন প্ৰত্যাহ্বানৰ মুখামুখি হ'বলগীয়া হৈছে, সমান্তৰালকৈ কলেজীয়া পাঠ্যক্ৰমও আগুৱাই নিছে। 
ইফালে, এই দুৰ্ভগীয়া পৰিয়ালটোৰ বাসগৃহটোও বিগত বৰ্ষত বনৰীয়া হাতীয়ে ভাঙি পেলোৱাত বহু দুখ-কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিব লগা হৈছে।  যুৱতীগৰাকীৰ চৰকাৰলৈ অনুৰোধ এবাৰ চকু মেলি চাওক শাসকীয় পক্ষই ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *