এগৰাকী ৰোগীৰ মৃত্যুক লৈ সোমবাৰে নিশা উত্তাল হৈ পৰিছিল ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়।
ৰঙিয়াৰ নিকটৱৰ্তী দক্ষিণ বৰদলৰ চন্দন নাথ নামৰ এগৰাকী ব্যক্তিৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি সামান্য ভৰিৰ বিষৰ বেজি এটি লোৱাৰ কিছু সময় পাছতেই গুৰুতৰভাৱে অসুস্থ হৈ পৰে চন্দন নাথ। তাৰ পাছত পুনৰ চিকিৎসালয়লৈ লৈ আনে যদিও আদবাটতে মৃত্যু হয় চন্দন নাথৰ।
ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ ঘটনাক লৈ আজি সংবাদ মেল দিয়ে চিকিৎসালয়ৰ কৰ্তৃপক্ষৰই। চিকিৎসক কুলদিপ ঠাকুৰীয়াই এটা ডাইক্লোফেনাক ইঞ্জেকচনৰ পৰামৰ্শ দিছিল বুলি সদৰি কৰে সংবাদ মেল যোগে।
মৃত চন্দন নাথৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত হে ওলাই পৰিব আছলতে কি কাৰণত মৃত্যু হৈছিল।