ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিক লৈ প্ৰধানমন্ত্ৰীক কাঠগড়াত থিয় কৰালে ৰাহুল গান্ধীয়ে

ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিক লৈ প্ৰধানমন্ত্ৰীক কাঠগড়াত থিয় কৰালে ৰাহুল গান্ধীয়ে। 
আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপত ভাৰত-পাকিস্তানৰ মাজত হৈছিল নেকি যুদ্ধ বিৰতি ?
পাকিস্তানৰ আগত চাৰেণ্ডাৰ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে হেঁচা প্ৰয়োগ কৰিছিল মোদীক?
প্ৰধানমন্ত্ৰী মোদীক পাকিস্তানৰ আগত চাৰেণ্ডাৰ কৰিবলৈ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ফোন কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধ বিৰতি ঘোষণা কৰাৰ অভিযোগ ৰাহুলৰ। মঙলবাৰে মধ্য প্ৰদেশৰ ভোপালত কংগ্ৰেছৰ এক জন সভাত এই চাঞ্চল্যকৰ অভিযোগ কৰিলে ৰাহুল গান্ধীয়ে।
নৰেন্দ্ৰ মোদীক সমালোচনা কৰি ১৯৭১ চনৰ যুদ্ধত প্ৰয়াত ইন্দিৰা গান্ধীয়ে লোৱা ভূমিকাৰ শলাগ ল'লে ৰাহুল গান্ধীয়ে। পূব পাকিস্তানৰ মুক্তি যুদ্ধৰ সময়ত তদন্তকাৰী প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কাৰোলৈকে কেৰেপ কৰা নাছিল বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *