প্ৰথম শ্ৰেণীত অধ্যয়নৰত অৱস্থাৰ পৰাই ছাত্ৰ-ছাত্ৰীয়ে ল'ব লাগিব বেছিক মিলিটেৰী ট্ৰেনিং।ছাত্র-ছাত্ৰী সকলৰ মাজত দেশভক্তিৰ প্ৰেম জগাই তুলিবলৈ এই পদক্ষেপ ল'ব মহাৰাষ্ট্ৰ চৰকাৰে।দেশভক্তিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুশাসন তথা নিয়মানু্ৱর্তিতা গঢ়ি তুলিবলৈ লোৱা হ'ব এই পদক্ষেপ। ২ জুনত মহাৰাষ্ট্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ কথা অৱগত কৰিছে শিক্ষা মন্ত্ৰী দাদা ভুশ্বে।
প্ৰাক্তন সেনা জোৱান অথবা প্ৰাক্তন সেনা বিষয়াৰ তত্ত্বাৱধানত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব সাধাৰণ সামৰিক প্ৰশিক্ষণ। মহাৰাষ্ট্ৰৰ শিক্ষা মন্ত্ৰী দাদা ভুশ্বে দিয়া প্ৰস্তাৱৰ প্ৰতি সহাৰি জনাইছে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিশে।
অৱশ্যে বেছিক মিলিটেৰী ট্ৰেনিঙৰ অধীনত ছাত্ৰ-ছাত্ৰীয়ে হাতত তুলি ল'ব নালাগে কোনোধৰণৰ মাৰাণাস্ত্ৰ। প্ৰাক্তন সেনা বিষয়াৰ ওপৰিও ছাত্র-ছাত্ৰীক প্ৰশিক্ষণ দিবলৈ নিযুক্তি দিয়া হ'ব পাৰে স্কাউট আৰু গাইডৰ সদস্যক।
উল্লেখযোগ্য যে,এই ব্যৱস্থা কাৰ্যকৰী হ'লে প্ৰথম শ্ৰেণীৰ শিক্ষাৰ্থীক বেছিক মিলিটেৰী ট্ৰেনিং দিয়া দেশৰ প্ৰথম ৰাজ্যত পৰিণত হ'ব মহাৰাষ্ট্ৰ। প্ৰথম পৰ্যায়ত মহাৰাষ্ট্ৰৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত প্ৰযোজ্য হ'ব পাৰে বেছিক মিলিটেৰী ট্ৰেনিং। শীঘ্ৰেই বিষয়টোৰ সন্দৰ্ভত চৰকাৰী জাননী জাৰি কৰিব সংশ্লিষ্ট বিভাগে।