বীৰ লাচিত সেনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আটাছু...গোচৰ দিলে বিৰক্ত গগৈয়ে


টিয়ক থানাত  বীৰ লাচিত সেনাৰ বিৰুদ্ধে গোচৰ তৰিছে টিয়কৰ  বিৰক্ত গগৈয়ে। সামাজিক মাধ্যমত কমেন্ট কৰি বীৰ লাচিত সেনাৰ ৰোষত পৰিছিল টিয়কৰ  বিৰক্ত গগৈ। বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনৰ এটা ফেচবুক প'ষ্টত এটা কমেণ্ট কৰিছিল বিৰক্ত গগৈ নামৰ যুৱকজনে। 
"-মিছাকৈ খিলঞ্জীয়া মানুহৰ সময় নষ্ট, টকা নষ্ট ।মই আধা কাপোৰ পিন্ধি এমাহ ঘূৰিম বীৰ লাচিত সেনাই যদি আন্দোলন কৰি অসমৰ পৰা বাংলাদেশী খেদিব পাৰে" বুলি কমেন্ট কৰিছিল গোলাঘাটৰ বিৰক্ত গগৈয়ে।  তাৰ পাছতেই টীয়কৰ বীৰ লাচিত সেনাৰ কেইজনমান সদস্যই বিৰক্ত গগৈৰ ঘৰলৈ গৈ কাণত ধৰাই আঁঠু কঢ়াই ক্ষমা খুজিবলৈ বাধ্য কৰোৱাৰ লগতে এই ভিডিঅ'টি সামাজিক মাধ্যমত প্ৰচাৰ কৰে। 
ভোক্তভোগী যুৱকৰ অভিযোগ -'বীৰৰ নামত খোলা এটা জাতীয় সংগঠনৰ নীতি-আদৰ্শ এনেকুৱা হ'ব বুলি ভৱা নাছিলোঁ'। 'অসমীয়া ল'ৰা এজনক অপদস্থ কৰি কি অসমীয়া জাতিৰ বাবে  বীৰ লাচিত সেনাই কাম কৰিব?' প্ৰশ্ন বীৰ লাচিত সেনালৈ। ভোক্তভোগী যুৱকজনে ইতিমধ্যে টিয়ক থানাত বীৰ লাচিত সেনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। 
ইতিমধ্যে  আটাছুৰ কেইবাগৰাকীও সদস্যই বিৰক্ত গগৈৰ কাষত থিয় হৈ ঘটনাৰ বুজ লোৱাৰ লগতে বিৰক্তক ক্ষমা খুজিবলৈ বাধ্য কৰোৱা ভিডিঅটি সামাজিক মাধ্যমত প্ৰচাৰ কৰা ঘটনাৰ সন্দৰ্ভত গৰিহণা দিয়ে।  
 ইপিনে পৰিস্থিতি যিয়ে  নহওক কিয় নিজৰ সমালোচনা সহ্য কৰিব নোৱাৰা বীৰ লাচিত সেনাই খিলঞ্জীয়া এজন যুৱকৰ ওপৰত যি বৰবৰ কাৰ্য কৰিলে তাকে দেখি হতচকিত হৈ পৰিছে সচেতন মহল। খিলঞ্জীয়াৰ হৈ মাত মাতি অহা বুলি দাবী কৰি থকা বীৰ লাচিত সেনাই, দুলীয়াজানৰ তনু শ্বাহীক তীব্ৰ প্ৰতিবাদ কৰিও নোম এডালকে লৰাব নোৱাৰা বীৰ লাচিত সেনাই এজন খিলঞ্জীয়া যুৱকক আঠু কঢ়াই বৰমতা দেখুওৱাবলৈ অহা কাৰ্য কিমান গ্ৰহণযোগ্য,?  অথবা খিলঞ্জীয়াৰ হকে শিৰ ফুলাই কথা কোৱা  বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই  কি ব্যৱস্থা লব নিজ সংগঠনৰ এইসকল  খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰা সহযোগীক। প্ৰশ্ন সচেতন মহলৰ। 
আনহাতে খিলঞ্জীয়াই খিলঞ্জীয়া বিৰোধীৰ যি নীচ মানসিকতাৰ পৰিচয় দিলে তাক গৰিহণা জনাইছে টাই আহোম ছাত্ৰ সন্থাই।  আৰু এনেবোৰ কাণ্ডই যে ভাতৃঘাতী সংঘৰ্ষৰ ফান্দত ভৰি দিছে বীৰ লাচিত সেনা,  সেই সকিয়নি প্ৰদান কৰি  এই ঘটনাক অতি দুৰ্ভাগ্যজনক বুলি আখ্যা আটাছুৰ নেতৃত্বই। লগতে বীৰ লাচিত সেনাৰ সদস্যক সংয হ'বলৈ সকীয়নি দিলে আটাছুৰ নেতৃত্বই।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *