সংস্থাপনৰ প্ৰলোভন দি অসমৰ যুৱতীক দেহ বেপাৰত নামাই গ্ৰেপ্তাৰ বিজেপিৰ প্ৰাক্তন সভাপতি

সংস্থাপনৰ প্ৰলোভন দি অসমৰ যুৱতীক দেহ বেপাৰত নামাই গ্ৰেপ্তাৰ বিজেপিৰ প্ৰাক্তন সভাপতি। কাম দিয়াৰ নামত অসমৰ যুৱতীক মধ্য প্ৰদেশলৈ মাতি নিছিল অতুল চৌৰাছিয়াই।অসমৰ যুৱতী গৰাকীক সংস্থাপন দিয়াৰ নামত হোটেলত দেহ বেপাৰ কৰিবলৈ বাধ্য কৰিছিল অতুল চৌৰাছিয়াই। অতুল চৌৰাছিয়াই মধ্য প্ৰদেশৰ বিজাৱাৰ জিলাৰ 'অতিথি' নামৰ এখন হোটেলত দেহ বেপাৰত জড়িত কৰিবলৈ বাধ্য কৰিছিল। তিনি বছৰ পূৰ্বে বিজেপিৰ নেতা অতুল চৌৰাছিয়াই মধ্য প্ৰদেশলৈ মাতি নিছিল অসমৰ যুৱতী গৰাকীক। অতুল চৌৰাছিয়াৰ মালিকাধীন হোটেল 'অতিথি'ত অসমৰ যুৱতীক গৰাকীৰ কাম দিয়াৰ প্ৰলোভন দিছিল। ভুক্তভোগী অসমৰ যুৱতী গৰাকীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ মধ্য প্ৰদেশ বিজেপিৰ প্ৰাক্তন মণ্ডল সভাপতি অতুল চৌৰাছিয়া।
অসমৰ লগতে অতুল চৌৰাছিয়াই দেহ বেপাৰত জড়িত কৰাইছিল কলকাতা, ছিক্কম আৰু ছট্টিশড়ৰৰ যুৱতীক। নিজৰ হোটেলত অতুল চৌৰাছিয়াই চলাই যোৱা দেহ বেপাৰৰ ৰেকেটটোৰ পৰা এমাহ পূৰ্বে ওলাই আহিছিল অসমৰ যুৱতী গৰাকী। ৰেকেটটোৰ পৰা ওলাই অহাৰ বাবে অতুল চৌৰাছিয়াই পৰৱৰ্তী পৰ্যায়ত মৃত্যুৰ ভাবুকি দিছিল অসমৰ যুৱতী গৰাকীক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই বিজেপিৰ পৰা বৰ্খাস্ত কৰা হৈছে অতুল চৌৰাছিয়াক। নিজৰ হোটেলত অসমৰ যুৱতী গৰাকীক দেহ বেপাৰত লিপ্ত কৰাৰ নামত প্ৰতিজন গ্ৰাহকৰ পৰা ৫ হাজাৰকৈ টকা লৈছিল অতুল চৌৰাছিয়াই। অতুল চৌৰাছিয়াৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা যুৱতী নি হোটেলৰ দেহ বেপাৰত জড়িত কৰিছিল মথুৰা প্ৰসাদ ডুবে নামৰ আন এগৰাকী ব্যক্তিয়ে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *