‘খগেন’ গীতৰ প্ৰচাৰ চলাই বিপদত জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা । অচিৰেই দিছপুৰ আৰক্ষীয়ে জেৰাৰ সন্মুখীন হ'ব লাগিব ডিম্পু বৰুৱা। ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত ডিম্পুৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। সদৌ অসম গোসাঁই সমাজে দিছপুৰ আৰক্ষী থানাত গোচৰ দিছিল ‘খগেন’ গীতৰ নিৰ্মাণ আৰু প্ৰচাৰ চলোৱাৰ বিৰুদ্ধে। ‘খগেন’ গীতত অশ্লীল শব্দ ব্যৱহাৰক লৈ গীতটোৰ নিৰ্মাতা মৃদুল নামৰ যুৱকজনক তলব কৰিব আৰক্ষীয়ে। ‘খগেন’ গীতত অশ্লীল শব্দ ব্যৱহাৰক লৈ দিছপুৰ আৰক্ষীয়ে জেৰা চলাব গীতটোৰ নিৰ্মাতা মৃদুল, ইউটিউবাৰ ডিম্পু বৰুৱাৰ লগতে আন এগৰাকী ইউটিউবাৰকো। জানিব পৰা মতে এজাহাৰকাৰীৰ ভাষ্য সংগ্ৰহ কৰিছে দিছ্পুৰ আৰক্ষীয়ে।