উজনি অসমক লৈ তৎপৰ হোৱাৰ সময়তে চৰাইদেউ বিজেপিত সৃষ্টি হৈছে খহনীয়া

উজনি অসমক লৈ তৎপৰ হোৱাৰ সময়তে চৰাইদেউ বিজেপিত সৃষ্টি হৈছে খহনীয়া। বিজেপি ত্যাগ কৰি লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদত যোগদান জ্যেষ্ঠ বিজেপি নেতাৰ।ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য দিলীপ কোঁৱৰে যোগদান কৰিলে অসম জাতীয় পৰিষদত। জ্যেষ্ঠ কাৰ্যকৰ্তা তথা ৰাজ্যিক কার্য্যনির্বাহক দিলীপ কোঁৱৰৰ AJP যোগদানক লৈ অস্বস্তিত বিজেপি।লাকুৱা চফ্ৰাই মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি আছিল দিলীপ কোঁৱৰ।
প্ৰাক্তন সভাপতি দিলীপ কোঁৱৰৰ লগতে AJP ত যোগদান কিষান মৰ্চাৰ উপ সভাপতি তপন চাংমাৰ। লগতে AJP ত যোগদান কৰে যুৱ মৰ্চাৰ মিডিয়া চেলৰ সদস্য বাবুল শইকীয়াই। AJP ৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ উপস্থিতিত যোগদান কৰে দিলীপ কোঁৱৰে। ২৬ সোণাৰি বিধানসভা সমষ্টিৰ পৰা AJP ৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে দিলীপ কোঁৱৰ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *