মেঘালয়ত নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্য


মেঘালয়ত নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্য। নুমলীগড়ৰৰ নম্ৰতা বৰাৰ মৃত্যুৰ পাছতেই পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ৪ জুনত মেঘালয়ৰ ৰিভয় জিলাৰ চাংৱাংলাত এক পথ দুৰ্ঘটনা মৃত্যু হৈছিল নম্ৰতা বৰাৰ । মেঘালয়ত মৃত্যু হোৱা নম্ৰতা বৰাৰ সৈতে আছিল এগৰাকী AIUDF বিধায়কৰ পুত্ৰ।
নম্ৰতাৰ সৈতে শ্বিলং ভ্ৰমণলৈ যোৱা সতীৰ্থসকলৰ ভিতৰত আছিল AIUDF ৰ বিধায়কৰ পুত্ৰ আনায়াতুল বাডুদ।তাৰোপৰি আনায়াতুল বাডুদ আছিল AIUDF ৰ যুৱ মৰ্চাৰ নেতা। AIUDF ৰ বিধায়কৰ পুত্ৰ আনায়াতুল বাডুদৰ বিলাসী বাহনত উঠি শ্বিলঙলৈ গৈছিল আইনৰ ছাত্ৰী নম্ৰতা বৰা। আনায়াতুল বাডুদৰ লগতে নম্ৰতাৰ সৈতে শ্বিলঙলৈ গৈছিল গায়ত্ৰী বৰা আৰু মহম্মদ ইছমাইল হক চৌধৰী, প্ৰজ্ঞা দিহিঙীয়া, মৃগাংক বৰা। পুৱতি নিশা শ্বিলঙৰ পৰা উভতি অহাৰ সময়ত এখন ট্ৰাকত খুন্দা মৰাৰ ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল নম্ৰতা বৰা।
অভিযোগ অনুসৰি, শ্বিলঙত দুৰ্ঘটনা সংঘটিত হোৱাৰ  পাছতেই ঘটনাস্থলীৰ পৰা পলায়ণ কৰিছিল আনায়াতুল বাডুদ আৰু গায়ত্ৰী বৰাই। দুৰ্ঘটনাত মৃত্যু হোৱা নম্ৰতা বৰাক হাস্পতাললৈ লৈ গৈছিল মৃগাংক বৰুৱা আৰু প্ৰজ্ঞা দিহিঙীয়াই। কিন্তু নম্ৰতাৰ দুৰ্ঘটনাত পতিত হোৱাৰ পাছত কিয় ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল আনায়াতুল ৱাড়ুদ,মহম্মদ ইছমাইল হক চৌধুৰী আৰু গায়ত্ৰী বৰাই। নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা আনায়াতুল বাডুদ হৈছে AIUDF ৰ বিধায়ক হাফিজ বচিৰ আহমেদ কাচিমীৰ পুত্ৰ।
৩ জুনত নিশা ১.৩০ বজাত এগৰাকী বান্ধবীৰ ফোন কৰিছিল নম্ৰতাক। তাৰ পাছতে প্ৰজ্ঞা বৰা, মৃগাংক বৰুৱা, গায়ত্ৰী বৰুৱা আৰু আন্নায়াতুল ৱাদুদৰ সৈতে ওলাই গৈছিল নম্ৰতা। কিন্তু ৪ তাৰিখে পুৱতিনিশা গুৱাহাটীলৈ ওভতাৰ পথত এক দুৰ্ঘটনাত পতিত হৈ নম্ৰতা মৃত্যু হোৱাৰ খবৰ লাভ কৰে পৰিয়ালে।ঘটনাক লৈ নম্ৰতা বৰাৰ পৰিয়ালে গোচৰ দিছে মেঘালয়ৰ আৰক্ষী থানাত। 
 নংপো আৰক্ষীয়ে পলায়ন কৰা গাড়ীৰ গৰাকী আন্নায়াতুলক ফোন কৰি থানালৈ মাতে।আন্নায়াতুলে ইছমাইল হক চৌধুৰী নামৰ এজন ব্যক্তিয়ে বাহনখন চলোৱা বুলি নংপো আৰক্ষীৰ আগত হাজিৰ কৰোৱায়। আলকাজাৰ বাহনখনে ৰখাই থোৱা ট্ৰাকত খুন্দা মৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে। কিন্তু প্ৰকৃততে যদি ৰখাই থোৱা বাহনত খুন্দাই মাৰিছিল তেনেহলে বাহনখনৰ সন্মুখভাগত কোনো ডেমেজ হোৱাৰ  চিন নাছিল। মাত্ৰ বাহনখনৰ বাওঁফালৰ দৰ্জাখন ভাগি যোৱাহে দেখা গৈছে। সমগ্ৰ ঘটনাক লৈ সন্দেহ প্ৰকাশ কৰিছে নম্ৰতা বৰাৰ পৰিয়ালে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *