ফ্ৰান্সৰ মূল প্ৰতিৰক্ষা কোম্পানী দছাঁ এভিয়েচন আৰু ভাৰতৰ টাটা এডভান্সড ছিষ্টেম লিমিটেডে ৰাফেল যুদ্ধ বিমান নিৰ্মাণক লৈ চাৰিখনকৈ চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তি অনুসাৰি ৰাফাল যুদ্ধবিমান হায়দৰাবাদত প্রস্তুত কৰা হ'ব।
'এয়াৰবাস ডিফেন্স অ্যান্ড স্পেচ'-ৰ পাছত এইবাৰ ফ্রান্সৰ দছাঁ এভিয়েছনৰ সৈতে চুক্তি কৰিলে টাটা গোট। সেই চুক্তি অনুসৰি দছাঁ এভিয়েছনেৰ বনোৱা ৰাফেল যুদ্ধ-বিমানৰ মূল কাঠাম'টো ভাৰতত বনাব 'টাটা এডভান্সড চিছটেমচ লিমিটেড' (টিএএছএল)।
কেইবাক বছৰৰ পূৰ্ৱে ভাৰতত মুঠ ৪০টা চি-২৯৫ মাজৰ ক্ষমতাসম্পন্ন সামৰিক পৰিবহণ বিমান বনাবলৈ স্পেনৰ প্ৰতিষ্ঠানৰ সৈতে চুক্তি কৰিছিল টিএএসএল। তাৰ পাছত এইটো তেওঁলোকৰ বৃহত্তম বৈদেশিক বিমান নিৰ্মাণ চুক্তি। চুক্তি অনুসৰি ২০২৮ চনৰ পৰা হায়দৰাবাদত উৎপাদন আৰম্ভ হ'ব ৰাফেলৰ। কাৰখানা সম্পূৰ্ণৰূপে চলিলেই প্রতি মাহত দুটা ৰাফেল-কাঠামো নিৰ্মাণ কৰিব পাৰিব। টাটাৰ তৰফৰ পৰা এটা বিবৃতিৰ জড়িয়তে এই কথা জনোৱা হৈছে। ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ লগতে, আন দেশসমূহতো হায়দৰাবাদত নিৰ্মিত ৰাফেল যোগান দিয়া হ’ব।
ভাৰতীয় নৌবাহিনীৰ বাবে ২৬টা পঞ্চম প্রজন্মৰ ৰাফেল যুদ্ধবিমান কিনাৰ বাবে বিগত এপ্ৰিল মাহত ফ্ৰান্স যুদ্ধবিমান নিৰ্মাতা সংস্থা সৈতে চুক্তি হৈছিল দিল্লীৰ। ইয়াৰ পূৰ্বে ২০১৬ চনৰ চুক্তি অনুসৰি ভাৰতীয় বায়ুসেনাক ৩৬টা ৰাফাল যোগান দিছিল দছাঁ এভিয়েচনে। ২০১৬ চনৰ সেই চুক্তিত ৰাফেল যুদ্ধবিমান বিক্ৰীৰ 'চর্ত' হিচাপে অনিল আম্বানীৰ সংস্থা ৰিলায়েন্স এডিএজি ক ৰক্ষণাবেক্ষণ, মেৰামতি আৰু কিছুমান যন্ত্ৰাংশ নিৰ্মাণৰ দায়িত্ব দিয়াৰ বিষয়টো দছাঁই মানি ল’বলৈ বাধ্য হৈছিল বুলি অভিযোগ উত্থাপিত হৈছিল। সংসদত বিৰোধী নেতাসকলে বিষয়টোক লৈ বহুবাৰ সৰৱ হৈ পৰা দেখা গৈছিল।
দছাঁ এভিয়েচনৰ চেয়াৰমেন তথা চিইঅ’ এৰিক ট্ৰাপিয়াৰে চুক্তি সন্দৰ্ভত কয় যে, “ভাৰতৰ অন্যতম বিমান নিৰ্মাণ প্ৰযুক্তি সংস্থাৰ সৈতে সহযোগিতাত আমি আনন্দিত।”