আমেৰিকাত মুছলমানৰ প্ৰৱেশক লৈ পুনৰ কঠোৰ হৈছে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প

আমেৰিকাত মুছলমানৰ প্ৰৱেশক লৈ পুনৰ কঠোৰ হৈছে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প । আমেৰিকাত নিষিদ্ধ কৰা হ'ল বিশ্বৰ ১২খন‌ মুছলমান দেশৰ নাগৰিকৰ প্ৰৱেশ । সোমবাৰে মাজনিশা ১২:০১ বজাৰ পৰা প্ৰযোয্য হ'ব এই নিৰ্দেশনা । সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা আমেৰিকাৰ সুৰক্ষাৰ‌ স্বাৰ্থত ট্ৰাম্পে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ।
কোন কেইখন দেশৰ নাগৰিকৰ  প্ৰৱেশ  নিষিদ্ধ কৰিলে  ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ।  
আফগানিস্তান, ম্যানমাৰ, ইৰাণ, লিবিয়া, চোমালিয়া, য়েমেন, চাড, কংগো, গিনি, ইৰিট্ৰিয়া আৰু হেইটিৰ নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ কৰিলে আমেৰিকাত। 
ৰাষ্ট্ৰীয় সুৰক্ষাৰ‌ প্ৰতি লক্ষ্য ৰাখি এই‌ নিৰ্দেশনা জাৰি কৰিছে ট্ৰাম্প চৰকাৰে । লগতে ৭খন দেশৰ ওপৰত আংশিক প্ৰতিবন্ধকতা‌ আৰোপ কৰিছে আমেৰিকাই । সেইকেইখন হৈছে - বুৰুণ্ডী, কিউবা, টগো, ছিএৰা, লিয়োন, ভিনেজুৱেলা আৰু তুৰ্কমেনিস্তানৰ ওপৰত আৰোপ কৰা হৈছে আংশিক প্ৰতিবন্ধকতা‌। 
ড'নাল্ড ট্ৰাম্পৰ‌ মতে: আমেৰিকাৰ নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত অতিকৈ প্ৰয়োজনীয় আছিল এই সিদ্ধান্ত। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *