Kari patta: নৰসিংহৰ গছ আপোনাৰ বাৰীত আছে নেকি? কি হয় জানো আহক...

নৰসিংহ পাতৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জানে। নৰসিংহ পাতত থাকে যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন A, ভিটামিন B, ভিটামিন C আৰু ভিটামিন E । যাৰ বাবে এই নৰসিংহ পাতে চুলি আৰু নখৰ সৌন্দৰ্য বৃদ্ধি কৰাত সহায় কৰে।
ৰন্ধা-বঢ়াতো ব্যৱহাৰ কাৰ হয় নৰসিংহ পাত। যাৰ বাবে বহুতে ঘৰৰ বাৰীত ৰুই লয় নৰসিংহৰ গছ। কিন্তু বাস্তু মতে এই গছ ঘৰৰ বাৰীত লগোৱাটো শুভ হয় নে নহয় জনাতো খুৱেই প্ৰয়োজন। 
মানুহৰ জীৱনত গছ ৰোপন আৰু উদ্ভিদৰ প্ৰয়োজনীয়তা অপৰিসীম। কিন্তু কিছুমান মানুহে গছ ইমানেই পছন্দ কৰে যে গছ যি কোনো ঠাইতে ৰোপণ কৰে। বিভিন্ন সময়ত অজানিতে বহুতে কিছুমান গছ ৰোপণ কৰে যিয়ে অশুভ ফল দিয়া দেখা যায়। 
বাস্তুশাস্ত্ৰত গছ ৰোপণৰ ক্ষেত্ৰত সঠিক দিশ নিৰ্ণয় কৰা হৈছে। গছ ৰোপণ কৰি ঘৰৰ সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰিব পাৰি। 
তাৰ ভিতৰত এটা হৈছে ঘৰৰ বাৰীত নৰসিংহৰ গছ ৰোপণ কৰা। ঘৰত থকা নৰসিংহজোপা খুব বেছি ওখ হ'বলৈ দিব নালাগে। নৰসিংহজোপা যাতে ওখ হৈ নাযায় তাৰ বাবে কলম কৰি থাকিব লাগে। 
ঘৰৰ বাৰীত  নৰসিংহৰ গছ থকাটো শুভ। কিন্তু গছজোপা ৩ ফুটতকৈ ওখ হ'বলৈ নিদিব, যাতে গছজপা মূৰৰ ওপৰলৈকে বাঢ়ি নাযায়, সেইটো ধ্যান দিব লাগে। 
নৰসিংহৰ ঘছ বেছি ওখ হৈ গ'লে ঘৰৰ ল'ৰা-ছোৱালিৰ অগ্ৰগতিত ব্যাহত হয়। কৰ্ম, চাকৰি অথবা ব্যৱসায় ক্ষেত্ৰতবাধাৰ সন্মূখীন হয়, সন্তানৰ বিয়াৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰে। গতিকে ঘৰত যদি নৰসিংহৰ গছ আছে তেন্তে  ফুটতকৈ ওখ হ'বলৈ নিদিব, আজিয়েই কলম দিয়ক। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *