STARLINK In India : আনুষ্ঠানিকভাৱে ভাৰতত পদাৰ্পণ কৰিব ছেটেলাইট ইণ্টাৰনেট সেৱা STARLINK

ভাৰতত আনুষ্ঠানিকভাৱে অনুজ্ঞাপত্ৰ লাভ কৰিলে STARLINK এ , এই সেৱা আৰম্ভ হ’লে দুৰ্গম এলেকাতো লাভ কৰিব হাইস্পীড ইণ্টাৰনেট। ইলন মাস্কৰ মালিকাধীন ষ্টাৰ লিংক ইন্টাৰনেট সেৱা ভাৰতত মুকলি কৰিবলৈ অনুজ্ঞাপত্ৰ দিলে কেন্দ্ৰীয় চৰকাৰে। শুকুৰবাৰে টেলিকম মন্ত্ৰালয়ে অপাৰেটিং লাইচেঞ্চ প্ৰদান কৰিলে উপগ্ৰহীয় ইন্টাৰনেট কোম্পানী STARLINK ক। STARLINKৰ অধীনত প্ৰথমবাৰৰ বাবে ভাৰতত আৰম্ভ হ'বলৈ গৈ আছে STARLINKৰ ইন্টাৰনেট সেৱা।
অৱশ্যে এতিয়াও ইণ্ডিয়ান স্পেছ প্ৰমোচন এণ্ড অথৰাইজেছন চেন্টাৰৰ পৰা অনুমোদন লাভ কৰা নাই ষ্টাৰ লিংকে। ভাৰতত উপগ্ৰহীয় ইন্টাৰনেট সেৱা আনুষ্ঠানিকভাবে মুকলি কৰিবলৈ স্পেক্টাম আৱন্তনৰ বাবে অপেক্ষা কৰিব লাগিব  ষ্টাৰ লিংকে। ভাৰতীয় গ্ৰাহকক মাহিলি ৮৪০ টকাৰ বিনিময়ত আনলিমিটেড ছেটেলাইট ইন্টাৰনেট সেৱা প্ৰদান কৰিব ষ্টাৰ লিংকে। 
শেহতীয়াকৈ ইলন মাস্কৰ মালিকাধীন ষ্টাৰ লিংক ইন্টাৰনেট সেৱা মুকলি কৰা হৈছিল বাংলাদেশত। ২০২১ চনৰ পৰাই ভাৰতৰ টেলিকম খণ্ডত বিনিয়োগ কৰাৰ কথা চিন্তা কৰিছিল মাৰ্কিন ধনকুৱেৰ ইলন মাস্কে। ইলন মাস্কৰ ষ্টাৰ লিংকৰ পাছত ভাৰতৰ টেলিকম ক্ষেত্ৰত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে এমেজনৰ 'প্ৰজেক্ট কুইপাৰ'এ। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *