HELICOPTER CRASH:কেদাৰনাথত পুনৰ হেলিকপ্টাৰ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ

হেলিপেড নাপালেগৈ,ৰাজপথতে জৰুৰী অৱতৰণ কৰিব লগা হ'ল যাত্ৰী ভৰ্তি হেলিকপ্টাৰে। উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত এই ঘটনা। কেদাৰনাথলৈ ভক্ত কঢ়িয়াই নিয়া এখন হেলিকপ্টাৰ।
যান্ত্ৰিক বিজুতিৰ বাবে অৱতৰণ কৰিব লগোৱা হয় ব্যস্ত ৰাজপথত।নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত থকা এখন চাৰিচকীয়া বাহনৰ ওপৰত পৰে হেলিকপ্টাৰখন। অভিজ্ঞ পাইলটৰ বাবে কোনোমতে প্ৰাণ ৰক্ষা পৰিল হেলিকপ্টাৰখনত থকা যাত্ৰীৰ। হেলিকপ্টাৰখনে ছিৰশিৰ পৰা কেদাৰনাথলৈ উৰা মৰাৰ সময়তে সংঘটিত হৈছিল অঘটন।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *