হঠাৎ অসুস্থ সোনিয়া গান্ধী! ততাতৈয়াকৈ ভৰ্তি ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় হাস্পতালত

কংগ্ৰেছ নেত্ৰী আৰু ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটিছে। কন্যা প্ৰিয়ংকা গান্ধীৰ ছিমলাস্থিত বাসগৃহত হঠাৎ অসুস্থ হৈ পৰে ছোনিয়া গান্ধী। তৎক্ষণাতে ছিমলাৰ ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (IGMC)ত, ভৰ্তি কৰোৱা হয়। । হাস্পতালত এটি বিশেষজ্ঞ চিকিৎসকৰ দলে ছোনিয়া গান্ধীৰ স্বাস্থ্য পৰীক্ষা তথা চিকিৎসা কৰি আছে । তাত বৰ্তমান তেখেতৰ শৰীৰৰ পৰীক্ষা-নিরীক্ষা চলি আছে। কৰা হৈছে MRI।

কিছুদিন ধৰি মাজে সময়ে অসুস্থ হৈ পৰিছে ৭৮ বছৰীয়া ছোনিয়া। বিভিন্ন শাৰীৰিক সমস্যাৰ চিকিৎসা কৰাই থকা হৈছে। দুবাৰ কোভিডতো আক্ৰান্ত হৈছুল ছোনিয়া। কোভিডৰ পৰা সুস্থ হোৱাৰ পাছতো বিভিন্ন শাৰীৰিক জটিলতাত ভুগিব লগা হৈছে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকী। তথ্য অনুসাৰে, আজি শনিবাৰে পুনৰ অসুস্থ হৈ পৰে ছোনিয়া।  অসুস্থতাৰ বাবে চিমলাৰ আটাইতকৈ নামী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইতিমধ্যে, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুও ছোনিয়া গান্ধীৰ খৱৰ ল'লৈ গৈছে। সোমবাৰে ছিমলালৈ গৈছিল প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰী। চিমলাত তেনে পুত্ৰী প্ৰিয়াঙ্কা গান্ধীৰ ঘৰত বন্ধ কটোৱাৰ পৰিকল্পনা আছিল। কেইবাটাও মন্দিৰলৈ যোৱাৰ বাবেও পৰিকল্পনা কৰিছিল ছোনিয়া গান্ধীয়ে। কিন্তু হঠাৎ অসুস্থ হৈ পৰে সাংসদগৰাকী।

বিগত বৰ্ষৰ ডিচেম্বৰত ৭৮ বছৰীয়া হৈ পৰা ছোনিয়া অসুস্থ হৈ পৰিছে। কৰ্ণাটকৰ অনুষ্ঠিত কংগ্ৰেছৰ নব সত্যাগ্ৰহ বৈঠকত অংশগ্ৰহণ কৰিব নোৱাৰিলে সাংসদগৰাকীয়ে। বিগত তিনিটা  ধৰি মাজেমাজে ছোনিয়াৰ অসুস্থতাৰ বাতৰিও পোৱা গৈছিল। বিভিন্ন শৰীৰীক সমস্যাৰ চিকিৎসা কৰি থকাৰ খৱৰ পোৱা গৈছিল।  তেও অসুস্থতা সত্ত্বেও পৰিষদীয় ৰাজনীতিৰ ক্ষেত্ৰত সক্ৰিয় ভাবেও দেখা গৈছে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *