ঈদগাহ ময়দানত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ মুছলমান লোকৰ

পৱিত্ৰ ঈদগাহ ময়দানত আমছু আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উদ্যোগত হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ।  চৰকাৰে বিদেশীৰ নামত হাৰাশাস্তি কৰিছে মুছলমান লোকক। বিদেশীৰ নামত অত্যাচাৰ বন্ধ নকৰিলে ভয়াবহ প্ৰতিবাদ হ'ব অসমত। 
চতিয়াৰ ঈদগাহ ময়দানৰ পৰাই হুংকাৰ দিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদে। হাজাৰ হাজাৰ মুছলমানে পৱিত্ৰ ঈদৰ দিনা কলা বেজ পৰিধান কৰি প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে।
 আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদে দাবী জনাইছে, প্ৰতিজন নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰক। তথাকথিত বিদেশীৰ নামত মানুহক হাৰাশাস্তি কৰা বন্ধ কৰক। লগতে তেঁওলোকৰ দাবী 
#PUSH BACK নীতি বন্ধ কৰক।
#সংখ্যালঘুৰ ওপৰত অমানৱীয় অত্যাচাৰ বন্ধ কৰক।
#বিদেশী বিষয়ক ৰাজনীতি বন্ধ কৰক।
#সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক।
#আৰক্ষীৰ শাসন বন্ধ কৰক, আইনৰ শাসন নিশ্চিত কৰক।
#বিদেশীৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি নকৰিব।
লগতে দাবী কৰে যে প্ৰতিজন ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান কৰক।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *