‘ৰঙা সন্ত্রাস’ দমনৰ বৃহৎ সফলতা। শুকুৰবাৰে মহাৰাষ্ট্ৰৰ গাডচিৰোলি জিলাত অস্ত্ৰসহ ১২ জন মাওবাদী নেতা আত্মসমৰ্পণ কৰিছে। সকলো মিলাই আটাইকেইটাৰ মূৰৰ মূল্য ১ কোটি টকাৰ দাম আছিল। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্নানবিজে খবৰটোৰ প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰৰ লগতে ছত্তিশগড়তো ৭ জন মাওবাদী নেতা আত্মসমৰ্পণ কৰিছে। ছত্তিশগড়সহ বিভিন্ন ৰাজ্যত চলি থকা অভিযানৰ মাজত এই আত্মসমৰ্পণৰ সংখ্যা এতিয়া আৰক্ষী আৰু সুৰক্ষা বাহিনীৰ বাবে এটি বৃহৎ সফলতা হিচাপে গণ্য কৰা হৈছে।
ফাৰ্নানবিজে কয় যে, “প্ৰায় ১২ জন মাওবাদী আত্মসমৰ্পণ কৰিছে। সকলো মিলাই তেওঁলোকৰ মূৰৰ দাম ১ কোটি টকাৰো বেছি আছিল। তেওঁলোকে এতিয়াও সমাজৰ মূলস্ৰোতলৈ উভতি আহিবলৈ বিচাৰে। লাল সন্ত্রাসৰ বিৰুদ্ধে এইটো ডাঙৰ সফলতা। এই ৰাজ্যত এতিয়া খুব কম সংখ্যক মাওবাদী অৱশিষ্ট আছে। মই তেওঁলোকৰ আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছোঁ। যদি তেওঁলোকে আত্মসমৰ্পণ নকৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।” আত্মসমৰ্পণকাৰী মাওবাদীৰ বাবে আৰ্থিক সহায় আৰু মাওবাদী পুনসংস্থাপন নীতি অনুসৰি চাকৰি আৰু অন্যান্য সহায় কৰা হ’ব বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত মাওবাদ মুক্ত ভাৰত গঢ়াৰ বাৰ্তা দিছিল গৃহমন্ত্ৰী অমিত শ্বাহে। তাৰ পাছতে ছত্তিশগড়, ঝাৰখণ্ডৰ দৰে মাও অধ্যুষিত ৰাজ্যসমূহত মাও-বিৰোধী অভিযানে ব্যাপক গতি লাভ কৰিছে। গোৱেন্দাসকলৰ মতে, বৰ্তমান ছত্তিশগড়ৰ তেলেঙানাৰ সীমান্তলগ্ন কাৰেগুট্টা পৰ্বতীয়া অঞ্চল মাওবাদীসকলৰ অন্যতম ঘাটি। এই অঞ্চলৰ পৰা মাওবাদীৰ ঘাটি উফৰাবলৈ লৈ প্রায় ৩ হাজাৰ অৰ্দ্ধসেনাক নামোৱা হৈছে। ২১ এপ্ৰিলৰ পৰা সেই অঞ্চলত অভিযান আৰম্ভ হৈছে। এতিয়ালৈকে সেই অঞ্চলসমূহত অভিযান চলাই ৩১ জনৰ পৰা অধিক মাওবাদী হত্যা কৰা হৈছে। ছত্তিশগড়, মহাৰাষ্ট্ৰ আৰু তেলেঙানাৰ সীমান্ত সংলগ্ন পৰ্বত আৰু জংঘলত মাওবাদীসকলক ধৰিবলৈ প্ৰায় ২০ হাজাৰৰ পৰা অধিক যৌথ বাহিনী নামে। এই অভিযানত ইতিমধ্যে মাওবাদীৰ সাধাৰণ সম্পাদক বাসবৰাজুক নিহত হয়, যাৰ মূৰত ১.৫ কোটি টকাৰ মূল্য আছিল। বিগত বুধবাৰে নিৰাপত্তাৰক্ষকৰ সৈতে গুলীয়াগুলীত মাওবাদীৰ কেন্দ্ৰীয় কমিটীৰ সদস্য সুধাকৰৰ মৃত্যু হৈছে।