শ্ৰীনগৰৰ ঐতিহাসিক জামা মসজিদত ঈদৰ নামাজ পঢ়াত নিষেধাজ্ঞা। শনিবাৰে জম্মু আৰু কাশ্মীৰৰ প্ৰশাসনৰ পৰা মছজিদৰ দুৱাৰ ব'ন্ধ কৰি বাহিৰত আৰক্ষী মোতায়েন কৰা হৈছিল। কেৱল সেয়াই নহয়, কাশ্মীৰৰ ধৰ্মীয় নেতা মিৰৱাইজ ওমৰ ফাৰুখক গৃহবন্দী কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে। প্ৰশাসনৰ এই পদক্ষেপৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কেন্দ্ৰ শাসিত অঞ্চলৰ মুখ্যমন্ত্রী ওমৰ আব্দুল্লা আৰু বিৰোধী নেত্ৰী মেহবুবা মুফতি।
শনিবাৰে পুৱা মছজিদৰ কৰ্তৃপক্ষৰ দিশৰ পৰা এটা বিজ্ঞপ্তি জাৰি কৰা হৈছিল, 'আমাৰ ঐতিহ্য অনুসৰি প্ৰতিবছৰ আমি ঐতিহাসিক জামা মছজিদত বছৰি ঈদৰ নামাজ অনুষ্ঠিত কৰিছিলোঁ, কিন্তু এইবাৰো চৰকাৰী দিশৰ পৰা ইয়াত নামাজ পঢ়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। মছজিদৰ দুৱাৰ বন্ধ আছে, বাহিৰত আৰক্ষী মোতায়েন কৰা হৈছে। বিশেষকৈ আজিৰ পুৱাৰ ফজৰ নামাজতো পঢ়িবলৈ নিদিয়া হৈছে।'
লগতে এক্স হেণ্ডেলত ধৰ্মীয় নেতা মিৰৱাইজে লিখিছে, 'ঈদ মোবাৰক। পুনৰ কাশ্মীৰে অত্যন্ত দুখজনক সত্যৰ সন্মুখীন হৈছে। ঈদগাহত ঈদৰ নামাজ পঢ়াৰ অনুমতি নিদিয়া হৈছে। এই বিষয়ত ৭ বছৰ জামা মছজিদ বন্ধ ৰাখা হৈছে। মোকো গৃহবন্দী কৰা হৈছে।'
চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে সৰৱ হৈছে জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা। সংবাদমাধ্যমৰ সন্মুখীন তেওঁ কয়, “সকলোকে ইদ মোবাৰক। মই আশা কৰোঁ জম্মু আৰু কাশ্মীৰৰ আৰু বিশ্বৰ মুছলমানৰ বাবে শুভ দিন আহিব আৰু শান্তি আৰু ভাতৃত্ববোধ আৰু অধিক দৃঢ় হব।” লগতে কয় , “আমি যেতিয়া ঈদ উদযাপন কৰোঁ তেতিয়া দুখজনক ঘটনা শুনোঁ, এইবাৰো জামা মছজিদত ঈদৰ নামাজ পঢ়াৰ অনুমতি দিয়া হোৱা নাই। কিয় এনেধৰণৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে মই নাজানো। কিন্তু আমি ইয়াৰ মানুহৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। বিগত ২২ এপ্ৰিলৰ জঙ্গী আক্ৰমণৰ ঘটনাৰ পাছত নিন্দা কৰা হৈছিল।”
একেসময়তে মেহবুবা মুফতি কৈছে, "আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ, যাতে প্যালেস্টাইন ইজৰাইলৰ হাতৰ পৰা মুক্ত হৈ স্বাধীন দেশৰ ৰূপ ধৰে।" একেদৰে মছজিদ বন্ধ কৰাৰ বিষয়তো কয় যে, "আজি এই বিশেষ দিনত জামা মছজিদত তলা লগাইছে, ফাৰুখ চাহিবক গৃহবন্দী কৰিছে। তাৰ পিছত যদি কয় কাশ্মীৰত সকলো ঠিক আছে। তেন্তে কিয় এই পদক্ষেপ?