SATYAPAL MALIK: ছ'চিয়েল মিডিয়াত বিস্ফোৰক পোষ্ট প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ

চিকিৎসালয়ৰ বিচনাৰ পৰা ছ'চিয়েল মিডিয়াত বিস্ফোৰক পোষ্ট প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ।
'মই জম্মু কাশ্মীৰৰ ৰাজ্যপালৰ দায়িত্বত থাকোতে মোক ১৫০ কোটি টকাৰ উপঢৌকন দিয়া হৈছিল,ৰাজ্যপালৰ দৰে গুৰু দায়িত্বত থাকিও মই কৃষক আন্দোলনৰ ইচ্ছ্যুটো উপস্থাপন কৰিছিলো।'
পুলৱামাত শ্বহীদ হোৱা ভাৰতীয় সেনাৰ সন্দৰ্ভত আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে কিয় কোনো প্ৰতিবেদন নিদিলে বুলি প্ৰশ্ন সত্যপাল মালিকৰ। কেন্দ্ৰীয় চৰকাৰে মোক CBI ৰ ভয় দেখুৱাইছে বুলি বিস্ফোৰক অভিযোগ ICU ত ভৰ্তি সত্যপাল মালিকৰ।মোৰ বিৰুদ্ধে মনেসজা চাৰ্জশ্বীট দাখিল কৰি মোক দোষী সজাব বিচাৰিছে বুলি চাঞ্চল্যকৰ পোষ্ট সত্যপাল মালিকৰ।
'যিখন টেণ্ডাৰক লৈ মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে সেইখন টেণ্ডাৰ মই নিজেই খাৰিজ কৰিছিলো বুলি উল্লেখ কৰে সত্যপাল মালিকে।যিখন টেণ্ডাৰক লৈ মোৰ বিৰুদ্ধে তদন্ত চলিছে সেই টেণ্ডাৰত দুৰ্নীতি হৈছিল বুলি মই নিজেই প্ৰধানমন্ত্ৰীক অৱগত কৰিছিলো!মই এগৰাকী কৃষকৰ পুত্ৰ আৰু মই কেতিয়াও কাৰোলৈ ভয় নকৰো' বুলি তাৎপৰ্যপূৰ্ণ পোষ্ট কৰিলে প্ৰাক্তন ৰাজ্যপাল গৰাকীয়ে।
কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা সমূহে মোৰ বিৰুদ্ধে তদন্ত কৰি কি পালে সেইয়া দেশবাসীক জনাব বুলি লাগে বুলি আৱেগিক পোষ্ট মালিকৰ। বিগত ৫০বছৰে ৰাজনীতিত থকাৰ পাছতো এটা ৰোমৰ কোঠাতে গোটেই জীৱন কটালো বুলি দাবী কৰিলে সত্যপাল মালিকে।
 বিগত ১১ মে'ৰ পৰা কিডনীজনিত সমস্যাৰ বাবে দিল্লীৰ মনোহৰ লোহিয়া চিকিৎসালয়ত ভৰ্তি হৈ আছে প্ৰাক্তন ৰাজ্যপাল গৰাকী।সম্প্ৰতি চিকিৎসালয়ৰ ICU ত ভৰ্তি হৈ থকা সত্যপাল মালিক তীব্ৰ আৰ্থিক সংকটত থকা বুলি দাবী কৰিলে ছ'চিয়েল মিডিয়াত।
চলিত বৰ্ষৰ ২২ মে'ত সত্যপাল মালিকসহ ৫ গৰাকী লোকৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছিল CBI য়ে। জম্মু-কাশ্মীৰৰ কিৰু হাইড্ৰ পাৱাৰ প্ৰজেক্টত ২,২০০ কোটি টকাৰ অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছিল। বিগত ২২ ফেব্ৰুৱাৰীত কেলেংকাৰিৰ অভিযোগত সত্যপাল মালিকৰ কেবাটাও ঠিকনাত তালাচী চলাইছিল CBI য়ে।
অভিযোগ অনুসৰি, জম্মু কাশ্মীৰৰ ৰাজ্যপাল হৈ থকাৰ সময়ত হাইড্ৰ পাৱাৰ প্ৰজেক্ট অনুমোদনৰ বাবে ১৫০ কোটি টকাৰ অফাৰ পাইছিল মালিকে। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *